মা দুৰ্গা বন্দনাৰে মুখৰিত ৰহা

 10/06/2019 - 12:20

ৰহাঃ আজি মহাষ্টমী। চৌদিশে পূজাৰ উখল মাখল পৰিবেশ। ৰহাৰ প্ৰতিখন পূজা মণ্ডপতে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰহাৰ জ্যোতি সংঘই মা কামাখ্যা মন্দিৰৰ আৰ্হিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজামণ্ডপ চাবলৈ দৰ্শকৰ সোঁত বোৱা দেখা গৈছে।

তদুপৰি দৰ্শকৰ মনোৰঞ্জনৰ বাবে এই পূজাস্থলীতে নিৰ্মাণ কৰা হৈছে এখন উদ্যান। নানা জীৱ-জন্তুৰে সজাই তোলা এই উদ্যানখনেও দৰ্শকৰ আকৰ্ষণ বৃদ্ধি কৰিছে।

ইয়াৰ বাহিৰেও পূজাস্থলীতে এখন গ্ৰন্থমেলাও অনুষ্ঠিত হৈছে। ইপিনে ৰহাৰ 'নকুছিত' দুৰ্গাপূজাৰ উপলক্ষে দুৰ্গামণ্ডপৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। মুঠতে চাৰিওফালে এতিয়া পূজাৰ আনন্দ লহৰ দেখিবলৈ পোৱা গৈছে। বৃহত্তৰ ৰহা অঞ্চলত এইবাৰ ২৩খন পূজা অনুষ্ঠিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।