স্বয়ং বিজেপি নেতাৰ পুত্ৰই ফেচবুকত লিখিলে 'পাকিস্তান জিন্দাবাদ'!

 02/22/2019 - 17:06

নগাওঁঃ জম্মু-কাশ্মীৰৰ পুলৱামাত যোৱা ১৪ ফেব্ৰুৱাৰীত পাকিস্তানৰ আত্মঘাতী সন্ত্ৰাসবাদীয়ে ৪৪ জনকৈ চি আৰ পি এফৰ জোৱানক নিহত কৰা ঘটনাই সমগ্ৰ দেশকে শোকাহত কৰি তুলিছে যদিও এই দেশত কিমান দেশদ্ৰোহী আছে তাৰো প্ৰমাণ পোৱা গৈছে ফেচবুকত আপল'ড কৰা বিতৰ্কিত প'ষ্টসমূহৰ জৰিয়তে।

এইবাৰো তেনে এক লজ্জাজনক কাণ্ড সংঘটিত হৈছে নগাঁৱত। নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত অৰুণা গাঁৱৰ এগৰাকী বি জে পি নেতাৰ কিশোৰ পুত্ৰই ফেচবুকত 'পাকিস্তান জিন্দাবাদ' বুলি লিখি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰোষত পৰিছে জাতীয় সংগঠন আৰু স্থানীয় ৰাইজৰ।

কিশোৰজনে প'ষ্টটো আপল'ড কৰাৰ পাছতেই স্থানীয় একাংশ ৰাইজ তথা কেইবাটাও সংগঠনৰ সদস্য কিশোৰজনৰ বাসগৃহত উপস্থিত হৈ কিশোৰজনে কৰা দেশ-বিৰোধী কাণ্ডৰ বিষয়ে বুজনি প্ৰদান কৰাৰ উপৰিও ক্ষুব্ধ একাংশই কিশোৰজনক কাণত ধৰাই আঁঠু কঢ়াই ভৱিষ্যতে দেশ-মাতৃৰ বিৰোধী এনে ধৰণৰ কাৰ্য নকৰিবলৈ সকীয়াই দিয়াৰ লগতে অভিভাৱককো কটূ কথা শুনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।