আকৌ 'তেৰে নাম’

 04/27/2019 - 15:30

ডিজিটেল ডেস্কঃ 'তেৰে নাম’-ভাৰতীয় ছবিজগতত এইখন হিন্দী ছবিয়ে কেনেদৰে 'নাম’ কৰি থৈছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সৰ্বত্ৰে খলকনি তুলিছিল এই ছবিখনে।

২০০৩ চনত মুক্তি পোৱা এই ছবিখনে চলমান খানক অভিনয় জগতত প্ৰদান কৰিলে অনন্য মাত্ৰা। হৃদয়স্পৰ্শী কাহিনী, সুমধুৰ সংগীত আৰু মননশীল অভিনয়ৰ বাবে ছবিখনে সকলোৰে অন্তৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ এটা বস্তু সেই সময়ত খুব চৰ্চিত হৈছিল সেয়া হ’ল চলমানৰ হেয়াৰ ষ্টাইল। যুৱকসকলেও এই হেয়াৰ ষ্টাইল অনুকৰণ কৰিছিল।

ছবিখনৰ প্ৰায় গোটেইকেইটা গীত এতিয়াও মানুহৰ মুখে মুখে। অতি সুখবৰ যে চলমান খান অভিনীত এই জনপ্ৰিয় ছবিখনৰ ৰিমেক নিৰ্মাণ কৰা হ’ব। ১৬ বছৰৰ বিৰতিৰ মূৰত ছবিখনৰ পৰিচালক সতীশ কৌশিকে ৰাজহুৱা কৰিছে এই কথা। প্ৰাপ্ত খবৰ অনুসৰি, ছবিখনৰ সমূহ চৰিত্ৰৰ নাম একে থাকিব। এই বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’ব শ্বুটিঙৰ কাম।

ছবিখনৰ সন্দৰ্ভত পৰিচালক গৰাকীয়ে সংবাদমাধ্যমক কয় অচিৰেই ছবিৰ কাম আৰম্ভ হ’ব। ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। নতুন ৰূপত তেৰে নামক চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ছবিপ্ৰেমীয়ে। এতিয়া মাথো অপেক্ষা...

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।