নিউয়ৰ্কত প্ৰদৰ্শিত হ'ল 'আমিষ'ৰ প্ৰিমিয়াৰ

 04/27/2019 - 16:03

ডিজিটেল ডেস্ক: অসমীয়া চলচ্চিত্র 'কথা নদী'ৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি "আমিষ"ৰ প্ৰিমিয়াৰ শুকুৰবাৰে নিউয়ৰ্কত ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়।

চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত 'অমিষ'ৰ লগতে ১০৩ খন ছবি প্ৰদৰ্শিত হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সত্ৰীয়া নৃত্যশিল্পী লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই।

প্ৰযোজনা কৰিছে ছিগনাম প্ৰডাকচনৰ পুনম দেউলে। ২০১৫ চনত নিৰ্মাণ কৰা 'কথা নদী' চলচ্চিত্ৰখনে দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।