মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ উত্তৰ গুৱাহাটীৰ যুৱ ব্যৱসায়ী-দল সংগঠনৰ সাহায্য

 04/11/2020 - 16:13

উত্তৰ গুৱাহাটী: বৰ্তমান দেশৰ এনে দূৰৱস্হাৰ সময়ত দৰিদ্ৰ তথা অসহায় সকলক সহায় কৰাৰ উদ্দেশ্য বিভিন্ন দল সংগঠনৰ লগতে জনসাধাৰণে চৰকাৰৰ আৰোগ্য নিধিত আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়োৱাৰ সময়তে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই।

চৰকাৰক সহাৰি জনাই উত্তৰ গুৱাহাটীৰ বিভিন্ন দল সংগঠনে অসহায় তথা দুখীয়া কোনো পৰিয়ালে যাতে লঘোণে থাকিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি চাউল, দাইল, সৰিয়হতেল, নিমখ, আলু, পিয়াজ, গাখীৰ, বিস্কুট আদি অত্যাৱশ্যকীয় খাদ্য বস্তু যোগান ধৰি আহিছে।

এই ক্ষেত্ৰত উত্তৰ গুৱাহাটী, শংকৰদেৱ শিশু নিকেতন, মধ্যমখণ্ডৰ বাৰোৱাৰী দূৰ্গাপূজা সমিতি, দৌলগোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিৰ লগতে দল সংগঠন আৰু বিভিন্নজন আৰ্থিকভাৱে সৱল ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে।

ইয়াৰ ভিতৰত উত্তৰ গুৱাহাটী ভেটামুখ নিৱাসী দিলীপ বৰা আৰু জয়ন্ত বৰাই অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বিত্ত, স্বাস্থ্য বিভাগ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ASSAM AROGYA NIDHI TRUST ৰ বাবে 0,000 টকাৰ অনুদান cheque যোগে প্ৰদান কৰে।
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।