ভাৰত পেট্ৰ'লিয়ামৰ উত্তৰ গুৱাহাটীস্থ ৰন্ধন‌‌ গেচ বটলিং প্লেন্টৰ প্ৰশংসনীয় পদক্ষেপ

 04/11/2020 - 17:04

উত্তৰ গুৱাহাটী: যি সময়ত সমগ্ৰ বিশ্ব ক'ৰণা ভাইৰাছৰ প্ৰকোপত গৃহবন্দী, সেই সময়ত ভাৰত পেট্ৰ'লিয়ামৰ উত্তৰ গুৱাহাটীস্থ ৰন্ধন‌‌ গেচ বটলিং প্লেন্টৰ ডেপুটি জেনেৰেল মেনেজাৰ পাৰ্থিৱ ধৰৰ নেতৃত্বত এটা নিষ্ঠাবান শ্ৰমিক-মেকানিক-চালকৰ দলে ৰাতিক দিন কৰি গেচ বটলিঙৰ জৰিয়তে ৰাইজে যাতে এই অপৰিহাৰ্য সাধনবিধ লকডাউনৰ সময়চোৱাতো নিজৰ দুৱাৰদলিত পাব পাৰে সেইটো সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে।

এনে শলাগিবলগীয়া পদক্ষেপ লোৱা ভাৰতৰ ভিতৰতে প্ৰথমটো বটলিং প্লেন্ট হিচাবে পৰিগণিত হোৱা উত্তৰ গুৱাহাটীৰ এই বটলিং প্লেন্টৰ সৈতে জড়িত প্ৰতিজন শ্ৰমিকৰ দায়িত্ব নিষ্ঠাৰ বাবে ৰাইজৰ লগতে কৰ্তৃপক্ষয়ো প্ৰশংসা কৰে।

"কঠিন পৰিস্থিতি বেচি দিন নাথাকে, কিন্তু দৃঢ় ব্যক্তি বহু দিন টিকে" এই মূলমন্ত্ৰেৰে কৰ্মত নিমজ্জিত হৈ চৰকাৰৰ "প্ৰধানমন্ত্ৰী গৰীব কল্যাণ" প্ৰকল্পৰ মাধ্যমেৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৩২ লাখ ৰিফিল সুনিশ্চিত কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বিষয়া গৰাকী আৰু তেওঁৰ দল।

মৰিগাঁৱৰ "এভ্ টাৎছ্" নামৰ কোম্পানীৰ নামত নিশা ১০ বজাত প্ৰথমখন ৰছিদ কাটি ইতিহাস ৰচনা কৰি উৎফুল্লিত হৈ পৰে বিক্ৰী বিভাগৰ ডেপুটি জেনেৰেল মেনেজাৰ মায়ঙ্ক পাত্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।