'পিৰিয়ড, এন্দ অৱ চেনটেনছ'-এ ভাৰতলৈ আনিলে অস্কাৰ

 02/26/2019 - 17:36

ডিজিটেল ডেস্কঃ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত ৯১ সংখ্যক অস্কাৰ বঁটা অনুষ্ঠানত "শ্লেম ডগ মিলিয়নাৰ(২০০৮)’ৰ পাছত ৰাইকা জেহতাবাসীৰ নিৰ্দেশনা আৰু মেলিচ্ছা বেৰটনৰ প্ৰযোজনাৰে ভাৰতীয় পটভূমিত নিৰ্মিত 'পিৰিয়ড, এন্দ অৱ চেনটেনছ'-এ চুটি তথ্যচিত্ৰ শিতানত অস্কাৰ সন্মানেৰে গৌৰৱান্বিত হ'ল। ভাৰতীয় নাৰী জীৱনৰ মৰ্মস্পৰ্শী বেদনাক আধাৰ হিচাপে লৈ অস্কাৰৰ চুটি তথ্যচিত্ৰ শিতানৰ অন্যান্য চাৰিখন চুটি ছবি ক্ৰমে ব্লেক চিপ, এন্দ গেম, লাইফবোট, এ নাইট এট দ্য গাৰ্ডেনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ অস্কাৰ খিতাপেৰে ভাৰতৰ নাম উচ্চাৰিত কৰিলে মঞ্চত।

এই তথ্যচিত্ৰখন মুক্তি পাইছিল ৫এপ্ৰিল, ২০১৮ত। ইতিমধ্যেই এই তথ্যচিত্ৰখনে বহু সন্মান বুটলিবলৈ সক্ষম হৈছে। চাম ডেভিছৰ চিনেমাট'গ্ৰাফী আৰু সম্পাদনাৰে নিৰ্মিত চুটি তথ্যচিত্ৰখনৰ সংগীত নিৰ্দেশনাত আছিল ডন ৰোমাৰ আৰু ওচেই এছেদ। তথ্যচিত্ৰখনৰ প্ৰযোজনাত জড়িত আছিল ভাৰতীয় প্ৰযোজক গুণিত মুংগাছেৰ। ইৰাণ আমেৰিকান ছবি নিৰ্মাতা ৰাইকা জেহতাবাচীয়ে ২৬ মিনিটৰ এই ছবিখন উত্তৰ ভাৰতত দৃশ্যগ্ৰহণ কৰি শিক্ষা এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰিছিল। থৰপুৰ অঞ্চলত পেড মেচিন স্থাপন কৰি তেওঁলোকে ব্যৱহাৰিকভাৱে মহিলাৰ মাজত সজাগতা সৃষ্টিত অৰিহণা যোগাইছিল।
এক সুখৰ ক্ষণত পুৱা ৮.২১ বজাত গুণিত মুংগাছে টুইট কৰিছিল-" WE WON!!!To every girl on this earth ...Know that you are a goddess ...If heavens are listening ...look MA we put @sikhya on the map'।

জাউৰি জাউৰি হাত চাপৰিৰ মাজতেই আৱেগিক অভিজ্ঞতাৰে মঞ্চত প্ৰৱেশ কৰিছিল ৰাইকা জেহতাবাচী। সপোনৰ অস্কাৰ হাতত লৈ ব্যক্ত কৰিছিল-"এইয়া মই বিশ্বাস কৰিব পৰা নাই।" খিতাপ গ্ৰহণ কৰাৰ পাছতেই মেলিছা বাৰট'ন আৰু ৰাইকা জেহতাবাচীয়ে প্ৰেছ ৰূমত সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিছিল কিদৰে ভাৰতীয় পটভূমিত দৃশ্যগ্ৰহণ কৰিছিল তথ্যচিত্ৰখন। ভাৰতীয় নাৰীৰ মাহেকীয়া সম্পৰ্কত অনভিজ্ঞ বৈজ্ঞানিক দৃষ্টিভংগী, যাৰ পৰিপ্ৰেক্ষিতত এইয়া এক অস্পৃশ্য অৱস্থা হিচাপে গণ্য কৰা হয়।অনুন্নত মানসিক ধাৰণাৰে পুষ্ট ভাৰতীয়ই নাৰীসকলৰ এই সময়ক তুলনা কৰে পাপ বা মহামাৰীৰ সৈতে। অস্কাৰ লাভ কৰাৰ পাছত দীৰ্ঘদিন ধৰি ভাৰতীয় মহিলাসকলৰ মাজত মাহেকীয়া সম্বন্ধীয় সজাগতা আৰু স্বচ্ছতাৰ দিশত এক নতুন জাগৰণৰ সূচনা হ'ব বুলি দৃঢ়বিশ্বাসী ছবি নির্মাতাসকল।

ভাৰতীয় পটভূমিৰ এক কাহিনীয়ে অস্কাৰ বুটলিবলৈ সক্ষম হোৱাটো এক গৌৰৱৰ কথা। ইয়াৰ পূৰ্বে কম বাজেটেৰে এগৰাকী কিশোৰীৰ জীৱনৰ কাহিনীৰে নিৰ্মিত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ জৰিয়তে বিদেশী ছবিৰ শিতানত ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰি মনোনয়নৰ যুঁজত অৱতীৰ্ণ হৈছিল এখন অসমীয়া ছবি। অস্কাৰ প্ৰাপ্তিয়েই শেষ লক্ষ্য নাছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক ৰিমা দাসৰ। অস্কাৰৰ বাবে অসমীয়া ছবিক আগবঢ়াই নিব পৰাটোও এক প্ৰাপ্তি। সেই পথেৰে আগবাঢ়ি যোৱাৰ গৌৰৱ অসম আৰু অসমবাসীক ৰিমা দাসে প্ৰদান কৰিছিল। ভাৰতীয় পটভূমিত নিৰ্মিত ছবিৰ এই জয়যাত্ৰাৰ গৌৰৱৰ ক্ষণত তেওঁ ব্যস্ততাৰ মাজতো অন্য ভাৰতীয়ৰ লগতেই উৎফুল্লিত হৈ পৰিল। সুদীৰ্ঘ ১০ বছৰৰ পাছত ভাৰতীয় ছবিৰ এনে সাফল্যই নিশ্চয়কৈ ছবি জগতখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।