উত্তৰ গুৱাহাটীত আৰ্তজনলৈ খাদ্য সামগ্ৰী বিতৰণ

 04/16/2020 - 15:54

উত্তৰ গুৱাহাটী: কামৰূপ জিলাৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন, ৰাগশ্ৰী সংগীত মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ উদ্যোগত লকডাউনৰ সময়ছোৱাত খাদ্য সংকটত পৰা আৰ্তজনৰ মাজত আজি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে সহায়ৰ হাত আগবঢ়োৱা হয়। উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ ৰাগশ্ৰী সংগীত মহাবিদ্যালয় আৰু উত্তৰ গুৱাহাটী আৰক্ষী থানাই প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। 

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ মুকুটেশ্বৰ গোস্বামী, আৰক্ষী বিষয়া মিন্টু বড়ো, সমাজসেৱিকা মুন দাস, ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা তথা প্ৰসিদ্ধ সংগীত শিল্পী পিংকুমনি চৌধুৰী, আচাৰ্য পলাশ শৰ্মা, সুৰভী তামুলী আচাৰ্যা প্ৰমুখ্যে ব্যক্তিসকলে চাউল, দাইল, পিঁয়াজ, আলু, নিমখ, বিস্কুটৰ পেকেট ইত্যাদি বিপদগ্ৰস্ত ৰাইজৰ মাজত বিতৰণ কৰি সহায় হাত আগবঢ়ায়।

খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী ৰূপায়নৰ ক্ষেত্ৰত নিকেতনৰ লগতে সমাজৰ কেইবাগৰাকী ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়া। তাৰ ভিতৰত পৰিচালনা সমিতিৰ উপ সভাপতি ড০ ঈশাংকুৰ শইকীয়া, সমাজকৰ্মী ভৰত ৰাজবংশী, মাধুৰ্য্য বৰা, যোগেশ দাস, গঙ্গাধৰ দাস, ৰমেশ বড়ো, ৰমেশ বৰা প্ৰমূখ্যে ব্যক্তিসকলৰ মহানুভৱতাৰ শলাগ লয় সকলোৱে।

উল্লেখ্য উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতন নিজা বাহনেৰে অঞ্চলটিত ঘৰে ঘৰে গৈ ৰেচনৰ টোপোলাবোৰ বিতৰণ কৰাৰ লগতে সংকটকালত এষাৰি মাত আৰু এমুঠি খাদ্যান্ন আগবঢ়োৱা মানৱ দৰদী সংগঠন কেইটিয়ে ইয়াৰ পূৰ্বে ১০ এপ্ৰিলতো উত্তৰ গুৱাহাটীত ১২০ টা, ১২ এপ্ৰিলতো ১৭৩ পৰিয়ালক সাহায্য হিচাপে খাদ্য সামগ্ৰী বিতৰণ কৰে।

আজিৰ সৈতে এতিয়ালৈকে ৪১৫ টা পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয়। শংকৰদেৱ শিশু নিকেতনৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ২০ এপ্ৰিলৰ ভিতৰত মুঠ ৫০০ পৰিয়াললৈ পুনৰ উত্তৰ গুৱাহাটী, আমিনগাঁও, গৌৰীপুৰ অঞ্চলত সাহায্য বিতৰণ কৰা হ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।