আনন্দ নিকেতন ট্ৰাষ্টৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত আৰ্তজনলৈ সহায় হাত

 04/17/2020 - 18:34

উত্তৰ গুৱাহাটী: কৰ'ণা ভাইৰাছ মহামাৰী সংকটৰ বাবে গোটেই ভাৰতবৰ্ষত লকডাউন চলি আছে। এই লকডাউনৰ সময়ত দুখীয়াজনৰ সহায়ৰ বাবে আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰম, কালিপুৰ, গুৱাহাটীয়ে নানা ধৰনৰ সামাজিক উন্নয়ন মুলক কাম কৰি আহিছে

আজিও এই লকডাউনৰ সময়ত আনন্দ নিকেতন ট্ৰাষ্টৰ ফালৰ পৰা গুৱাহাটী মহানগৰৰ  কালিপুৰ, কামাখ্যা, বৰাগাঁও, জু-ৰোড, ফটাশিল আমবাৰী আদি ঠাইত স্থানীয় লোকৰ লগতে কিছুমান ভাৰাঘৰত থকা লোকসকলক প্ৰা তিনিশ পৰিয়ালক চাউল, দাইল, মিঠাতেল, আলু আৰু নিমখৰ সামগ্ৰী যোগান ধৰা হয় আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প মনোজ কলিতা, ট্ৰাষ্টৰ কাৰ্য্যকৰী সদস্য ডক্টৰ পৱন তিৱাৰী, ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ লগতে বহুতো কৰ্মকৰ্তাই উক্ত সামগ্ৰী বিতৰণ কৰে।

এই সামগ্ৰী নিব অহা লোকসকলক কৰ'ণা মহামাৰীৰ পৰা কেনেকৈ থাকিব লাগে ইয়াৰ বিষয়ে ধুনীয়াকৈ আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰমুখ মনোজ কলিতাই বুজাই দিয়ে আৰু লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।