উত্তৰ গুৱাহাটীৰ পশ্চিম ৰজাদুৱাৰত আঘাতপ্ৰাপ্ত দুস্প্ৰাপ্য হুদু উদ্ধাৰ

 04/17/2020 - 18:56

উত্তৰ গুৱাহাটী: বৰ্তমান ৰাজ্যত লকডাউন চলি আছে। ইয়াৰ মাজতে দুদিন পূৰ্বে আহিছিল দিনৰ ভাগতে বিধ্বংসী ধুমুহা। ধুমহাৰ অন্তত বান্দৰৰ জাক এটাই দুস্প্ৰাপ্য হুদু এটাক আঘাত কৰি গছৰ পৰা তলত পেলাই দিয়ে। আজি দুদিন ধৰি হুদুটো জীৱিত অৱস্থাত পশ্চিম ৰজাদুৱাৰ নিৱাসী বিশ্বজিৎ দাস ঘৰৰ কাষত পৰিত্যক্ত অৱস্থা আছে।

যিহেতুকে হুদুৱে পোক পৰুৱা খাই জীয়াই থাকে। চৰাইটোয়ে কোনো খাদ্য গ্ৰহণ কৰা নাই। আবেলি বন বিভাগক খবৰ দিয়া হৈছে প্ৰতিকুল বতৰ আৰু লকডাউন বাবে বনবিভাগে উদ্ধাৰ অভিযানত চলাব নোৱাৰিলে। কাইলৈ হুদুটো উদ্ধাৰ কৰা হ;ব বুলি চিলা বনাঞ্চলিক বিষয়াই জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।