উত্তৰ গুৱাহাটীত তিনিটা গাহৰি, ১০০ লিটাৰ গেলা মদ জব্দ: চাৰি অবৈধ সৰবৰাহী আটক

 04/21/2020 - 18:49

উত্তৰ গুৱাহাটী: এতিয়া সৰ্বত্ৰে চলিছে অবৈধ সুৰাৰ বেহা। উত্তৰ গুৱাহাটী মধ্যমখণ্ড ফেৰীঘাটত আৰক্ষীয়ে গোপন সূত্ৰ দিয়া তথ্য অনুসৰি অভিযান চলাই তিনিটা গাহৰি আৰু ১০০ লিটাৰ চুলাই মদ জব্দ কৰে। লকডাউনৰ মাজতে আজি দিনৰ ১ বজাত উত্তৰ গুৱাহাটী থানাৰ আৰক্ষী বিষয়া হৰদেৱ সিঙৰ নেতৃত্বত যোৱা দলটোৱে নৈ পাৰত এখন স্কুটিসহ গুৱাহাটী উজান বজাৰৰ পৰা অহা চাৰি অবৈধ মদ সৰবৰহীক কৰায়ত্ব কৰে।

গুৱাহাটী মিউনিচিপেলিটি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ভোলা বাচফৰে হাত নাত এইদৰে লকডাউনৰ মাজত উজানবজাৰলৈ মদ সৰবৰাহ কৰি চলাই আহিছিল গেলা মদৰ ৰমৰমীয়া ব্যৱসায়। 

উত্তৰ গুৱাহাটী আৰক্ষীয়ে জব্দ কৰা গেলা মদ ধ্বংস কৰাৰ লগতে লকডাউন অমান্য কৰাৰ বাবে উঠা বহা কৰাই শাস্তি প্ৰদান কৰে। ইয়াৰ পিছত গাহৰিসহ চাৰিজনকে আটক কৰি থানালৈ লৈ যায়। 

লকডাউন চলি থকাৰ পূৰ্ণ সূযোগ গ্ৰহণ কৰি কিছুৱে চলাই আছে এই বেহা৷ উত্তৰ গুৱাহাটীৰ আন বহু অঞ্চলত গেলা মদ অবৈধ বেহা এতিয়াও মুকলিকৈ চলাৰ অভিযোগ উত্থাপিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।