লাচিতগড় পঞ্চায়তৰ অধীনস্থ উত্তৰ গুৱাহাটী, আমিনগাঁও আৰু গৌৰীপুৰত আৰ্তজনলৈ খাদ্য সাহায্য

 04/23/2020 - 17:14

উত্তৰ গুৱাহাটী: কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটীৰ, আমিনগাঁও‍ আৰু গৌৰীপুৰত খাদ্য সংকটৰ গৰাহত পৰা আৰ্তজন উদ্ধাৰ কৰিবলৈ আজি ১৬৬ টা পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা হয়।

আজি লাচিতগড় পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু তৰালী দাসৰ নেতৃত্বত খাদ্য সামগ্ৰী যোগান ধৰে। বেজেৰা মণ্ডলৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা 
মুন দাস, লাচিতগড় পঞ্চায়তৰ কৰ্মকৰ্তা বাপুৰাম বড়ো, উমেশ বড়ো, চন্দ্ৰধৰ বড়ো, অজিত শইকীয়া, সুজয় সাহা আৰু মৃদুল দাস প্ৰমুখ্যে ব্যক্তিসকলে চাউল, দাইল, পিঁয়াজ, আলু, নিমখ, বিস্কুটৰ পেকেট ইত্যাদি বিপদগ্ৰস্ত ৰাইজক বিতৰণ কৰি সহায় হাত আগবঢ়ায়। 

লকডাউন সংকটকালত ড০ হেমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যৰ তত্বাৱধানত ৫০০০ পৰিয়ালক সহায় আগবঢ়োৱা হয়। লগতে লাচিতগড় পঞ্চায়তত পুনৰ উত্তৰ গুৱাহাটী, আমিনগাঁও, গৌৰীপুৰ অঞ্চলত সাহায্য বিতৰণ কৰিব বুলি জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।