কামাখ্যা ধামত অনাড়ম্বৰ ভাৱে ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হ'ব অম্বুবাচী মেলা

 04/23/2020 - 18:52

উত্তৰ গুৱাহাটী: বৰ্তমান সমগ্ৰ বিশ্বতে ক'ৰণাৰ ত্ৰাস। অসমতো শেহতীয়াকৈ ক'ৰণা ভাইৰাছ COVID-19 ৰ সংক্ৰমণ ফলত জনসাধাৰণ আতংকিত হৈছে। ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও লকডাউন ঘোষণা কৰিছে। যাতে অধিক সংক্ৰমণ ৰোধ কৰিব পৰা যায়। এই ৰোগ সংক্ৰমণ নহব বাবে সামূহিক দুৰত্ব, চাফ চিকুণতা আদি বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

এই সকলো বোৰ দিশ চালিজাৰি চাই মাঁ কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ দলৈ তৰফৰ পৰা জানিবলৈ দিয়া মতে এইবাৰ অম্বুবাচী মহোৎসৱ পৰিবৰ্তে কেৱল ধৰ্মীয় ৰীতি নীতি পালন কৰা হ'ব। ২২ জুনৰ পৰা অনাড়ম্বৰ ভাৱে এই পৰম্পৰা পালন কৰা হ'ব। এই সময়ছোৱাত কামাখ্যা ধামলৈ কোনো তীৰ্থ যাত্ৰী ও সাধু সন্তৰ আগমন তথা থকা খোৱাৰ ব্যৱস্থা নাথাকিব।

কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ দলৈয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰাৰ লগতে সকলোৰে সহযোগিতা কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।