উত্তৰ গুৱাহাটীত গামোচাৰে নিৰ্মিত মাস্ক বিতৰণ

 04/24/2020 - 15:39

উত্তৰ গুৱাহাটী: ব'হাগ মাহৰ মাহৰ মাদকতাই সুকীয়া। ব'হাগ অসমীয়া জাতিৰ আয়ুস ৰেখা। এইবাৰ সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে। মানৱ সভ্যতাৰ বাবে ই ভাবুকি সৃষ্টি কৰিছে। ভাৰত তথা অসম চৰকাৰে সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউন ঘোষণা কৰিছে। এইবাৰ অনাড়ম্বৰভাৱে পতাকা উত্তোলনৰ জড়িয়তে বিহু উদযাপন কৰা হয়। প্ৰিয় বিহুৱান লোৱা নহ'ল। কিন্তু বিহুৱানখনকে অসমৰ বিভিন্ন প্ৰান্তত জীৱনদায়িনী মাস্কলৈ ৰূপান্তৰ কৰা দেখা গৈছে।

কামৰূপ জিলা অন্তৰ্গত উত্তৰ গুৱাহাটীৰ মধ্যমখণ্ডটো হাজাৰৰো অধিক গামোচাৰ পৰা মাস্ক নিৰ্মাণ কৰা হ'ল। আজি উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডত এই মাস্ক নিৰ্মাণৰ মুখ্য উদ্যোক্তা ৰঞ্জন কুমাৰ শৰ্মাই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ অধ্যাপক ড: ঈশাংকুৰ শইকীয়া, সাংবাদিক মুকুটেশ্বৰ গোস্বামী, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা প্ৰতিমা বৰুৱা, আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰৰ সঞ্চালক ৰবীন্দ্ৰ হেমট্টতকাৰ, সমাজকৰ্মী কুলেন বড়োক বিহুৱান হিচাপে গামোচাৰ মাস্ক উপহাৰ দিয়ে।

এই মাস্ক নিৰ্মাণত সহযোগিতা আগবঢ়াইছে জিতু দাস আৰু কাকলি বৰুৱাই। এই মাস্কসমূহ স্হানীয় সাংবাদিক, শ্ৰমিক, মহিলা আদিক বিনামূলীয়াকৈ যোগান ধৰাৰ লগতে গুৱাহাটী আই আই টিৰ শ্ৰমিকসকল আৰু পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘকো যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।