অসম সংগ্ৰামী যুৱ মঞ্চৰ আর্তজনক খাদ্য যোগান

 04/24/2020 - 15:45

ডিজিটেল ডেস্কজলাহ বামুনিগাঁৱত অসম সংগ্ৰামী যুৱ মঞ্চৰ আর্তজনক খাদ্য যোগান সম্প্ৰতি লকডাউন চলি থকা সময়তেই কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনৰ, জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰি সমীপৱৰ্তী জলাহ আৰু বামুণিগাঁৱত খাদ্যৰ অভাৱত ভোগা প্ৰায় দুই শতাধিক পৰিয়ালক বৃহস্পতিবাৰে অসম সংগ্ৰামী যুৱ মঞ্চৰ সম্পাদক, ইফটিকাৰ হুছেইনে গুৱাহাটীৰ পৰা আহি আর্তজনক খাদ্য সামগ্ৰী যোগান ধৰে।

তেখেতক এই কামত সহযোগিতা আগবঢ়াই জলাহ হাইস্কুলৰ শিক্ষক, চৈয়দ মতিউৰ ৰহমানৰ লগতে পূব বংশৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহ: অধ্যাপক, শ্বেখ আব্দুল হামিদ আৰু স্বাস্থ্য বিভাগৰ কৰ্মী ফাৰুক হুচেইনে। তেওঁৰ এনে মানৱীয় পদক্ষেপে দুখীয়া ৰাইজক কিছু পৰিমাণে সকাহ প্ৰদান কৰে। উল্লেখ্য যে, এই খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে সংগঠনটোক সহযোগ কৰে হাতীগাঁৱৰ নিৱাসী প্ৰাক্তন আৰক্ষী বিষয়া, ইন্টাজ আলীৰ পৰিয়ালে। 

ইতিপূৰ্বে অসম সংগ্ৰামী যুৱ মঞ্চই গুৱাহাটীৰ প্ৰায়বোৰ ঠাইত পাচলি আদি সুলভ মূল্যত যোগান ধৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।