কামৰূপ জিলা প্ৰশাসন নতুন নিৰ্দেশনা সোম, বুধ আৰু শুক্ৰবাৰে খোলা থাকিব কিতাপ আৰু মোৱাইল ৰিচাৰ্ছৰ বিপণী

 04/25/2020 - 13:45

উত্তৰ গুৱাহাটী: লকডাউনৰ সময়ছোৱাত কামৰূপ জিলা প্ৰশাসন নতুন নিৰ্দেশনা। আজিৰ পৰা কায্যকৰী হোৱা নিৰ্দেশনা মৰ্মে কিতাপৰ দোকান আৰু মোৱাইল ৰিচাৰ্ছ দোকান সপ্তাহত তিনিদিন খুলিব পাৰিব।

দিনৰ ১০ বজাৰ পৰা ৫ বজালৈ দোকানসমূহ খুলিব পাৰিব। সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে দোকানসমূহ খুলিব পাৰিব। গ্ৰাহকৰ বাবে কোনো অনুমতি পত্ৰ দিয়া নহব।

খোজ কাঢ়ি ওচৰৰ কিতাপ আৰু মোৱাইল দোকানত দ্ৰব্য ক্ৰয় কৰিব পাৰিব। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।