অসমৰ ১২ লক্ষাধিক হ'ল নিবনুৱা: ১৪ কোটি মানুহ নিবনুৱা হ'ল ভাৰতত

 04/25/2020 - 14:35

উৎপল কুমাৰ কলিতা: অতিমাৰী ক'ৰণাই যে মানুহক আক্ৰান্ত কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে। লগতে কাঢ়ি নিছে জীৱিকাৰ পথ। বিশেষকৈ ভাৰতৰ দৰে বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰী হৈ থকা এখন দেশত। চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকন'মিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতত এমাহত প্ৰায় ১৪ কোটি লোকে জীৱিকা হেৰুৱাইছে

উল্লেখযোগ্য যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰ লকডাউন ঘোষণা কৰোতে কৈছিল জীৱন থাকিলে জীৱিকা থাকিব। কিন্তু ১৪ এপ্ৰিলত সেইজন মোডীয়ে ক'লে জীৱনো বচাব লাগিব জীৱিকাও বচাব লাগিব। অৰ্থাৎ অসহায় হৈ পৰিল প্ৰধানমন্ত্ৰী।

চিএমআইৰ ৰিপৰ্ট মতে ফেব্ৰুৱাৰীতকৈ কমিছে কৰ্ম সংস্হাপনৰ হাৰ ১৪ শতাংশ। দেশত নিবনুৱাৰ সংখ্যা ২৬.২ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে কৰ্মসংস্থাপনৰ হাৰ কমিছে ২৬.১ শতাংশলৈ। এই হাৰ ক্ৰমাত বাঢ়ি আছে। প্ৰতিবেদন মতে লকডাউনৰ পৰা ১৪ কোটি মানুহে দেশত জীৱিকা হেৰুৱাইছে

আনহাতে অসমৰ ক্ষেত্ৰতো এই হাৰ চিন্তাৰ বিষয়। নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱা অসমৰ প্ৰায় ৪ লাখ যুৱক যুৱতী বৰ্তমানো অনিশ্চয়তাৰ মাজত বহি ৰাজ্যত আছে। অসমৰ পৰা বহিঃৰাজ্যত গৈ কৰ্মহীন হৈ পৰা লোকৰ সংখ্যা ১২ লাখৰো অধিক হব আৰু ইয়াৰে বহু সংখ্যক অসমলৈ ঘুৰি আহিছে।

বহি:ৰাজ্যত থকা ৪ লাখৰ প্ৰায় ২ লাখ ৮০ হাজাৰ কৰ্মহীন হৈ অসমলৈ অহাৰ অপেক্ষাত আৰু বাকী সকলেও আংশিক দৰমহাত কিবাকৈ ভাত মোকোলাই আছে। সমগ্ৰ দেশৰ লগতে অসমটো যে কৰ্মহীনতা আৰু নিবনুৱাৰ হাৰ বৃদ্ধিয়ে ভয়াবহ অৱস্থা সৃষ্টি কৰিব সেয়া নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।