কমলপুৰ সমষ্টিত সমাজকৰ্মী লক্ষী গোস্বামীৰ মহানুভবতা: আৰোগ্য নিধিলৈ পঞ্চাশ হাজাৰ টকা

 04/25/2020 - 18:47

উত্তৰ গুৱাহাটী : মাৰাত্মক নভেল ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়ালৰ নানান সমস্যা সৃষ্টি হৈছে। প্রথম পৰ্যায়ৰ লক ডাউনৰ সময়ত বহু লোকে সহায় কৰাৰ বাবে ওলাই আহি সকলোকে খাদ্য সামগ্রী সহায় কৰা পৰিলক্ষিত হয়। লকডাউনৰ সময়ত দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা লোকসকলৰ পানীত হাহ নচৰা অৱস্থা হোৱাৰ পৰিলক্ষিত হৈছে।

বহুতে খোৱা ভাত মুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। চৰকাৰৰে চাউল মুঠিৰ বাহিৰে বেলেগ একো যোগান ধৰিব নোৱাৰাত পৰিয়ালসমূহত হাহাকাৰৰ সৃষ্টি হৈছে। লকডাউন সময়ছোৱাত দোকান বন্ধ হৈ থকাত শিশু সকলৰ বাবে লাগতিয়াল খাদ্য নোপোৱা হৈছে। এনে অৱস্থাত অসম চৰকাৰৰ আবেদনৰ প্ৰতি সহাৰি জনায় ভিন্নজন ব্যক্তিয়ে আৰ্তজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে।

তলা বন্ধৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পেটৰ ভোকত কষ্ট কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্রথম পৰ্যায়ৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত কমলপুৰ সমষ্টিৰ বৰগাৱৰ বিশিষ্ট সমাজকৰ্মী ব্যৱসায়ী লক্ষী গোস্বামীয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ তিনি শতাধিক পৰিয়ালক খাদ্য সামগ্রী আৰু শতাধিক পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়া। কমলপুৰ সমষ্টিৰ পঞ্চায়তসমূহৰ অন্তৰ্গত বৰগাঁও, বিহদিয়া, মুক্তাপুৰ, বৰখৰিকটা তুলামাটি, সাহান, পাত্ৰপুৰ, খৰিকটা, হালধা, তিত্কুছি, তলপিঝাৰ আদি  কেইবাখনো গাঁৱৰ দিন হাজিৰা কৰা, প্ৰতিবন্ধী লোক, শ্ৰমিক, ৰুগীয়া আদি পৰিয়ালৰ প্ৰয়োজনীয় খাদ্য সামগ্রী ক্ৰয় কৰিবলৈ সক্ষম নহয় তেনে পৰিয়ালৰ গৃহত উপস্থিত হৈ লক্ষী গোস্বামীয়ে চাউল, আলু, চেনী, পিঁয়াজ, বিস্কুট, নিমখ, চাবোন, চয়াবিন, মিঠাতেল, আটা আদি কেইবাবিধো খাদ্য সামগ্রী বিতৰণ কৰে। 

সামাজিক দূৰত্ব বৰ্তাই ৰাখি সম্পূর্ণ নিয়মানুবর্তিতাৰে খাদ্য সামগ্রী সমূহ দৰিদ্ৰ জনসাধাৰণৰ মাজত বিতৰণ কৰাত লক্ষী গোস্বামীৰ পদক্ষেপক মহানুভবতাৰ শলাগ লয়। গোস্বামীয়ে  সকলোকে চৰকাৰৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনায়। সকলোকে মাস্ক পৰিধান কৰিব দিয়াৰ লগতে বাহিৰ ওলাই নাহি পৰিস্কাৰ পৰিচ্ছন্নতাৰে নিজৰ ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায়।

আনহাতে বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে সমষ্টিটোৰ সকলো ধৰ্মাৱলম্বী লোকক আগৰৰে পৰা সহায় সহযোগিতা আগবঢ়াই অহাৰ লগতে এই সংকটৰ সময়ত শতাধিক পৰিয়ালক নগদ ধনৰে সহায় কৰে। ইফালে কভিড ১৯ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপক প্ৰতি সহাঁৰি জনায় অসম আৰোগ্য নিধিলৈ কালি সন্ধিয়া গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্য্যালয়ত স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰে। বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে কমলপুৰ সমষ্টিত লোৱা পদক্ষেপক সকলোৱে প্ৰশংসা কৰে আৰু গোস্বামীয়ে সংকটৰ সময়ত পিছলৈ সহায় কৰাৰ আশ্বাস দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।