ৰাষ্ট্ৰীয় সমীক্ষাত বিস্ফোৰণ: লাখ লাখ শ্ৰমিকে নাপালে চৰকাৰৰ ৰেচন, খাদ্য

 04/27/2020 - 14:56

উৎপল কুমাৰ কলিতা: ২৩ মাৰ্চৰ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল প্ৰথম পৰ্যায়ৰ লকডাউন। জীৱন থাকিলে জীৱিকা থাকিব শ্ল'গানেৰে ঘোষিত লকডাউনৰ পূৰ্বে কিন্তু কোনো আঁচনি তৈয়াৰ কৰা নহ'ল কোটিৰো অধিক অসংগঠিত শ্ৰমিকৰ কথা ভাবি। ইফালে কৰ্মহীন প্ৰব্ৰজিত শ্ৰমিক সকলে কাম হেৰুৱাই ক'ত কোনে আশ্ৰয় লবলগা হ'ল ক'তই হাজাৰ শ মাইল খোজ কাঢ়ি ঘৰ পালে হিচাপ নাই।

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এই লৈ শ্ৰমিকসকলৰ বাবে ৰেন আৰু খাদ্যৰ ব্যৱস্থা কৰা বুলি কৈছিল যদিও এক ৰাষ্ট্ৰীয় সমীক্ষাত ওলাইছে ভয়াবহ ছবি। ৰাষ্ট্ৰীয় সংবাদপত্ৰ 'দ্যা হিন্দু'ই দেশৰ ৮ এপ্ৰিলৰ পৰা দেশৰ ১১,১৫৯ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সমীক্ষা চলাই জানিব পৰা মতে এসপ্তাহৰ সমীক্ষাত ১১ হাজাৰ অৰ্থাৎ ৯৬ শতাংশ শ্ৰমিকে ৰেন বা খাদ্য লাভ কৰা নাই।

আনহাতে ৭০ শতাংশ শ্ৰমিকৰ হাতত জমা ধন পোৱা গৈছিল ২০০ টকাৰ কম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো শ্ৰমিককে চাটাই নকৰিবলৈ আৰু বন্ধ সময়ৰ মজুৰি দিবলৈহ্বান জনাইছিল যদিও নব্বৈ শতাংশ শ্ৰমিকে নিয়োগকৰ্তাৰ পৰা মজুৰি পোৱা নাই আৰু অধিকাংশৰ কামৰ পৰা চাটাই নিশ্চিত হৈছে।

ৰেছন লাভ নকৰা শ্ৰমিকৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক। এয়ে স্বব্ধ ভাৰতৰ গৰীব জনতাৰ বাস্তব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।