গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীলৈ গামোচাৰে নিৰ্মিত বিনামূলীয়া মাস্ক বিতৰণ

 04/27/2020 - 16:53

উত্তৰ গুৱাহাটী: সমগ্ৰ বিশ্বতে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ঘটিছে। মানৱ সভ্যতাৰ বাবে ভাবুকি সৃষ্টি কৰা ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত তথা অসম চৰকাৰে লকডাউন ঘোষণা কৰিছে, যাৰবাবে এইবাৰ অনাড়ম্বৰ ভাৱে বিহু পতাকা উত্তোলনৰ জড়িয়তে এই বিহু উদযাপন কৰা হয়। ইয়াৰ বাবে এইবাৰ প্ৰিয় বিহুৱান লোৱা নহ'ল। কিন্তু বিহুৱানখনকে অসমৰ বিভিন্ন প্ৰান্তত জীৱনদায়িনী মাস্কলৈ ৰূপান্তৰ কৰা দেখা গৈছে।

উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ৰ অধীনৰ শ্যামকানু গ্ৰাম্য সংগঠন (মধুপুৰ) আত্মসহায়ক গোটে আজি গামোছাৰে নিৰ্মিত ৩৫০ খন মাস্ক বিতৰণ কৰে। সংগঠনটোৰ সভানেত্ৰী দীপা দাস, সম্পাদিকা নয়নতৰা দাস আৰু কোষাধ্যক্ষা জয়ন্তী দাসৰ নেতৃত্বত আজি মাস্ক সমূহ বিতৰণ কৰা হয়। আজি পুৱা সংগঠনটোৰ কৰ্মকৰ্তাসকলে বিহলঙনীস্হিত ৰুদ্ৰেশ্বৰ গাঁও পঞ্চায়ৰ কাৰ্যালয়ত উপস্থিত হৈ ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ সভাপতি পংকজ ৰামচিয়াৰীক ২০০ খন গামোচাৰে নিৰ্মিত মাস্ক প্ৰদান কৰে।

লগতে কাৰ্যালয় পৰিষদত উপস্থিত থকা আন ব্যক্তিসকলকো মাস্ক উপহাৰ দি ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰে। ইয়াৰ পিছত সংগঠনটোৱে উত্তৰ গুৱাহাটী অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীক লগ কৰি ১৫০ খন গামোছাৰে নিৰ্মিত মাস্ক ছাত্ৰ-ছাত্ৰীসকলক দিয়াৰ বাবে অৰ্প কৰে।

শ্যামকানু গ্ৰাম্য সংগঠনক এই মাস্ক নিৰ্মাণত সহযোগিতা আগবঢ়াইছে ১২ টা আত্মসহায়ক গোটে। এইকেইটা হ'ল নৱবিকাশ, বৃষ্টি, নিহাৰিকা, অপৰূপা, অমৰজ্যোতি, কল্যাণী, বনলতা, সেইজী, দানচৌৰাং, মা কামাখ্যা, শ্রী শ্ৰী শংকৰদেৱ আৰু সংযুক্তা।

সংগঠনটোৰ এই মহান প্ৰয়াসক অঞ্চলটোৰ সকলোৱে শলাগিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।