লকডাউনৰ সময়ছোৱাত আবদ্ধ বৰ্হি:জিলাৰ লোকক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কামৰূপ প্ৰশাসনৰ

 04/28/2020 - 14:41

উত্তৰ গুৱাহাটী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাতো লকডাউনৰ বাবে বহুলোক আবদ্ধ হৈ আছে। এই লোকসকলে যাতে নিজ নিজ গন্তব্য স্থানলৈ যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহন বিভাগৰ সহযোগত কামৰূপ জিলাৰ পৰা পোন প্ৰথমে দূৰণিবটীয়া জিলাসমূহলৈ ২৫ এপ্ৰিলৰ পৰা লোকসকলৰ নিজ নিজ ক্ষেত্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আমিনগাঁৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ পৰা ধুবুৰী জিলালৈ প্ৰথম দিনা প্ৰথমখন বাছ আনুষ্ঠানিকভাৱে যাত্ৰা মুকলি কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। জিলা খনত এতিয়ালৈকে খবৰ পোৱা অনুসৰি প্ৰায় ৬০০০ যাত্ৰী আবদ্ধ হৈ থকা পুৰুষ মহিলাক এইদৰে আন আন জিলা সমূহলৈ বাছ যোগে প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে। এই সমগ্র প্ৰক্ৰিয়াটোত প্ৰায় ৬০০০ লোকে অনলাইন যোগে আবেদন কৰিছে বুলি জানিব পৰা গৈছে।

উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে লকডাউনৰ সময়ছোৱাত জিলাখনত আবদ্ধ হৈ থকা লোকসকলৰ মাজৰ পৰা প্ৰথমে দুৰণিবটীয়া যাত্ৰী আৰু লোকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। তাৰ পিছতেই ওচৰৰ জিলা সমূহৰ যাত্ৰীসকলক নিজ নিজ ক্ষেত্ৰলৈ প্ৰেৰণ কৰা হব বুলি জনাইছে। প্ৰথম দিনা ২৫ এপ্ৰিলত জিলাখনত আবদ্ধ হৈ থকা শ্ৰমিকসকলক স্বাস্থ্য পৰীক্ষাৰ অন্তত সামাজিক দূৰত্ব মানি সাজু কৰি ৰখা বাছৰ জৰিয়তে পঠোৱা হৈছে।

ইয়াৰ পিছত কালি ২৬ তাৰিখৰ পৰা আজিলৈকে আবদ্ধ হৈ থকা অন্যান্য লোক সকলৰ ভিতৰত এই দুদিনত তিনি হাজাৰৰো অধিক লোকক একেই ব্যৱস্থাৰে নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিছে।

অসম চৰকাৰৰ নিৰ্দেশত পৰিবহন বিভাগ, কামৰূপ জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে মিলিত হৈ অহা ৩০ এপ্ৰিললৈ এই প্ৰক্ৰিয়া চলাই নিব বুলি পৰিবহন বিষয়া গৌতম দাসে অৱগত কৰি কালি ২৮ এপ্ৰিলৰ পৰা প্ৰশাসন ও পৰিবহণ বিভাগৰ অনুমতি লাভ কৰা ব্যক্তিগত বাহনেৰেও জিলাখনত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলে নিজ নিজ গন্তব্য স্থানলৈ যাব পাৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।