উত্তৰ গুৱাহাটী আৰক্ষী জালত দুই গভাইত চোৰ

 04/29/2020 - 15:42

উত্তৰ গুৱাহাটী: উত্তৰ গুৱাহাটী আৰক্ষীৰ জালত বন্দী হ’ল দুটা দুৰ্ধৰ্ষ চোৰ। লকডাউনৰ সময়ত নিশা কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰিছিল ঘৰৰ সমীপৰ নৱজীৱন সংঘত। চোৰ কৰিলে বহু সামগ্ৰী। চোৰ দুটাই উত্তৰ গুৱাহাটী পশ্চিম ৰজাদুৱাৰৰ নৱজীৱন সংঘৰ শৰীৰ চৰ্চাৰ বাবে ব্যৱহৃত লোৰ বহু সামগ্ৰী  চুৰি কৰি লৈ যাবলৈ সক্ষম হয়।

চোৰৰ দুৰ্ভাগ্য নিশা দুয়োকে প্ৰত্যক্ষ কৰে চুবুৰীৰে এজন ব্যক্তিয়ে। সন্দেহৰ ভিত্তিত সংঘৰ কৰ্মকৰ্তা তথা ৰাইজে মৃগাংগ দাস পিতা অমিয় দাস, পশ্চিম ৰজাদুৱাৰ আৰু পল্লব দাস পিতা অজিৎ দাস মধ্যমখণ্ড বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰে।

আৰক্ষীৰ তদন্তত দুয়ো গভাইত চোৰে সমগ্ৰ ঘটনাৰ বিষয়ে স্বীকাৰোক্তি দিয়ে। উত্তৰ গুৱাহাটী আৰক্ষীয়ে স্বীকাৰোক্তিৰ ভিত্তিত দুয়োকে আটক কৰে। আজি বহুদিনৰ পৰা উত্তৰ গুৱাহাটী বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। 

চোৰৰ সন্ত্ৰাসত দীৰ্ঘদিনৰ ধৰি অঞ্চলবাসীৰ নিদ্ৰা হৰণ হৈছিল। উত্তৰ গুৱাহাটী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত  50/2020 u/s u57/380 কেচ পঞ্জীয়ন কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। বৰ্তমান দুয়ো ৰঙাঘৰৰ আলহী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।