গুৱাহাটী আই আই টিয়ে নিৰ্মাণ কৰি উলিয়াইছে ক'ভিড-১৯ ৰোগীৰ বাবে ইণ্টিউবেছন বক্স

 04/30/2020 - 14:44

উত্তৰ গুৱাহাটী: সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ৰণা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই গৱেষণা আৰম্ভ কৰিছে। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টি। গুৱাহাটী আই আই টি বায়' চাইঞ্চ বিভাগৰ ছাত্ৰৰদ্বাৰা ক'ভিড-১৯ ৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেছন বক্স। বৰ্তমান এইমছকে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰিক্ষামূলক ভাবে ব্যৱহাৰ কৰা হৈছে।

ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয়। ইন্টিউবেছন বক্স ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ভয় হ্ৰাস পায়। কাৰণ ইয়াৰ ফলত কাহিঁলে বতাহত হাঁচিয়াওতে ই বক্সৰ ভিতৰতে আবদ্ধ হব। গুৱাহাটী আই আই টিৰ বায়' চাইঞ্চ বিভাগৰ উমঙ মাথুৰে জানিবলৈ দিয়া মতে এই বক্সসমূহ ১০০% সুৰক্ষিত।

আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিংৰ ছাত্ৰ সনচিত জুনজুনৱালাই সদৰি কৰা তথ্য অনুসৰি প্ৰতিষ্ঠানটোৰ ছজনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰাতিক মনছা, ব্ৰিচাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাংক পানবাৰে এই বক্সটো নিৰ্মাণ কৰি উলিয়াইছে।

ইয়াৰ ব্যয় হ'ব প্ৰতিটো বক্সত মাত্ৰ ২০০০ টকা। ফলত অতি কম খৰচতে চিকিৎসা কৰ্মীসকলক সুৰক্ষা প্ৰদান কৰিব পৰা যাব ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।