কালিপুৰ, কামাখ্যা, বৰাগাওঁ, জু-ৰোড, ফটাশিল আমবাৰীত আনন্দ নিকেতন ট্ৰাষ্টৰ মাস্ক বিতৰণ

 04/30/2020 - 16:13

উত্তৰ গুৱাহাটী: বিশ্বত ক'ৰণা ভাইৰাছ মহামাৰী সংকটৰ বাবে গোটেই ভাৰতবৰ্ষত লকডাউন চলি আছে। এই লকডাউনৰ সময়ত দুখীয়াজনৰ সহায়ৰ বাবে আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰম, কালিপুৰ, গুৱাহাটীয়ে নানা ধৰৰ সামাজিক উন্নয়নমূলক কাম কৰি আহিছে 

আজিও এই লকডাউনৰ সময়ত আনন্দ নিকেতন ট্ৰাষ্টৰ ফালৰ পৰা গুৱাহাটী মহানগৰৰ কালিপুৰ, কামাখ্যা, বৰাগাঁও, জু-ৰোড, ফটাশিল আমবাৰী আদি ঠাইত স্থানীয় লোকৰ লগতে কিছুমান ভাৰাঘৰত থকা লোকসকলক প্ৰাই দুশ পৰিয়ালক মাস্ক যোগান ধৰা হয়।

আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প মনোজ কলিতা, ট্ৰাষ্টৰ কাৰ্যকৰী সদস্য ডক্টৰ পৱন তিৱাৰী, ট্ৰাষ্টৰ কাৰ্যকৰী সদস্য চান্সিৰাম পায়েং আৰু ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ লগতে বহুতো কাৰ্যকৰ্তাই উক্ত মাস্ক বিতৰণ কৰে।

এই মাস্ক বিতৰণ কৰা লোকসকলক ক'ৰণা মহামাৰীৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰি ইয়াৰ বিষয়ে ধুনীয়াকৈ আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰমুখ মনোজ কলিতাই বুজাই দিয়ে আৰু লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।