উত্তৰ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পুষ্প ডেকাৰ পাঁচশ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

 04/30/2020 - 18:00

উত্তৰ গুৱাহাটী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ৰণা ভাইৰাচ সংক্ৰম ৰোধৰ বাবে ৪০ দিনীয়া লকডাউনৰ সময়ত সমাজৰ আৰ্থিকভাবে দুৰ্বল পৰিয়াল সকলৰ মাজত ব্যক্তিগত ভাবে সহায়ৰ হাত আগবঢ়ালে উত্তৰ গুৱাহাটী প্ৰতিষ্ঠিত ব্যৱসায়ী পুষ্প ডেকাই।

পুষ্প ডেকাৰ ব্যক্তিগত উদ্যোগত নাৰায়ণ ডেকা, সুজয় সাহাৰ তত্বাৱধানত উত্তৰ গুৱাহাটীৰ ঘোঁৰামাৰ, লঠিয়াবাগিছা, ইষ্ট কলনি, মৰিয়াপট্টী মেধিপাৰা, শ্ৰীনাথপট্টী, আমিনগাঁও আৰু জয়গুৰুত আজি পাঁচশ পৰিয়ালক চাউল, দালি, আটা, আলু, পিয়াজ, চয়াবিন, মিঠালাও, গাজৰ, বিলাহী, নিমখ, মিঠাতেলকে ইত্যাদি ধৰি কেইবাবিধো অত্যাৱশীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। 

স্হানীয় ব্যক্তিসকলৰ সহযোগত সামাজিক দুৰত্ব বজাই ৰাখি সামগ্ৰী সমূহ বিতৰণ কৰে। উল্লেখ্য যে খাদ্য সামগ্ৰী বিতৰণ উপৰি উত্তৰ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পুষ্প ডেকাই আৰোগ্য নিধিলৈ আগবঢ়াইছে ১,৫৫,৫৫৫/- টকাৰ অনুদান। 

সমাজকৰ্মী ডেকাই উক্ত ধনখিনি চেকযোগে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰীৰ হাতত অলপতে প্ৰদান কৰি ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে চলা যুঁজখনত চৰকাৰক সকলো প্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।