পাকিস্তানে বিচাৰে নৰেন্দ্ৰ মোডী পুনৰ প্ৰধানমন্ত্ৰী হওক, সবিশেষ জানিবলৈ পঢ়ক এই বাতৰি

 02/27/2019 - 17:27

ডিজিটেল ডেস্কঃ যোৱা ১৪ ফেব্ৰুৱাৰীত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পুলৱামত বৰ্বৰ আক্ৰমণ কৰাৰ ফলত চিআৰপিএফৰ প্ৰায় ৪৪গৰাকী জোৱান শ্বহীদ হোৱাত চিৰবৈৰী দেশ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ দামামা চলিছে৷ তাৰ মাজতে এই দিশত বিশেষ ৰায় প্ৰদান কৰি অহা বিশেষজ্ঞ ক্ৰিষ্টেন ফেয়ৰে দুয়োদেশৰ মাজত সঁচাকৈয়ে যুদ্ধ হ’ব নে নাই সেই সন্দৰ্ভত কিছু মতামত ব্যক্ত কৰিছে৷ ৪৮ ঘণ্টা পূৰ্বে ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় ১৩ কিঃমিঃ ভিতৰলৈ গৈ পাক অধিকৃত কাশ্মীৰৰ সীমাৰ বালাকোট নামৰ ঠাইত বোমা নিক্ষেপ কৰি নিৰ্বিঘ্নে আঁতৰি অহাৰ পিছৰে পৰা দুয়োদেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷

এই অভিযানত ভাৰতে দাবী কৰা মতে, ২০০-৩০০ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে৷ ভাৰতৰ দাবীৰ বিপৰীতে পাকিস্তানে দাবী কৰা মতে, তেওঁলোকৰ কোনো ক্ষয় ক্ষতি হোৱা নাই৷ ইয়াৰ পিছতে পাকিস্তানে আক্ৰমণৰ উত্তৰ দি ভাৰতীয় বিমানক আক্ৰমণ কৰি ভূূপতিত কৰাৰ লগতে এগৰাকী পাইলটক কব্জা কৰা বুলি দাবী কৰে৷ ইমানে নহয় পাকিস্তানে ঘটনাৰ ৪৮ ঘণ্টা পাৰ নৌহওঁতেই ৪খন যুঁজাৰু বিমানেৰে ভাৰতত তথা কাশ্মীৰত আক্ৰমণ কৰা বুলি দাবী কৰে৷ প্ৰতিক্ৰিয়াৰ জোৱাৰেৰে বাস্তৱ ক্ষেত্ৰত পাকিস্তানে দেখুৱাব বিচাৰিছে যে ভাৰতক সাহসিক উত্তৰ দিয়াৰ প্ৰয়োজন নাই৷ প্ৰকৃততে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিবৰ বাবে বাধ্য কৰিব খুজিছে৷ ভাৰতে কৈছে যে ১২ মিৰাজ বিমানে স্পষ্টকৈ পাকিস্তানৰ ভিতৰত সোমাই বোমা নিক্ষেপ কৰিছে৷

বাস্তৱ ক্ষেত্ৰত চালে দেখা যায় যে এয়া ভাৰতৰ বহুত সাহসী পদক্ষেপ৷ কিন্তু অসুবিধা ইয়াতে দেখা যায় যে পাকিস্তানৰ বায়ু সেনাৰ এই ক্ষেত্ৰত কবলগীয়া একো নাই৷ পাকিস্তানে লগে লগে অভিযান চলালে লাভ আছিল৷ কিন্তু মই ভাবো এই ক্ষেত্ৰত পাকিস্তান ক্ষান্ত হ’ব লাগিব৷ কিয়নো ভাৰতক উত্তৰ নিদিবলৈ পাকিস্তানৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় হেঁচা বহুত আছে৷ ভাৰতে কি কৰিছে নাইবা কি কৰা নাই এই ক্ষেত্ৰত আমি অৱগত নহয়৷ কিন্তু এই ক্ষেত্ৰত পাকিস্তানে কমকৈ কৈ একো হোৱা নাই বুলি দেখুৱাব বিছাৰিছে৷ পাকিস্তানে এই পদ্ধতি লোৱাটো যোগাত্মক সংকেত দিছে৷ আমি দেখিছো ইউৰোপ ইউনিয়ন,অষ্ট্ৰেলিয়া আৰু বহু দেশে পাকিস্তানক উত্তৰ নিদিবলৈ কৈ আহিছে৷ আমি বিচাৰিম পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত দৃঢ় ভাবে দখল দিয়ক আৰু পাকিস্তানক বাধা দিয়ক৷ কিন্তু চীনে বিচাৰিছে পাকিস্তানে যুদ্ধ কৰক৷ এই ক্ষেত্ৰত মোৰ দৃষ্টিত পাকিস্তানে ডাঙৰ অভিযান নচলাব৷ কিন্তু এতিয়াই সম্পূৰ্ণ ভৰষা কৰাটো ভুল হ’ব৷ এই ঘটনা প্ৰাৰম্ভিক অৱস্থাতে আছে৷ কিন্তু পাকিস্তানৰ দৃষ্টিৰে চোৱা যায় যদি নিয়ন্ত্ৰণ ৰেখাত কৰা আক্ৰমণ নহয় নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰলৈ সোমাই গৈ কৰা আক্ৰমণ৷ যদিও বিমান নিয়ন্ত্ৰণ ৰেখাৰে আহিছে৷ এনে সময়ত পাকিস্তানে যদি ভাবে উত্তৰ দিয়াটো জৰুৰী তেন্তে অতি সহজে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কাশ্মীৰক কিবা কৰিব পাৰে যেনেদৰে কিছু বছৰ পূৰ্বে সীমান্তত বোমা-গুলী নিক্ষেপ হৈ আহিছে৷ যেনেদৰে আন্তঃৰাষ্ট্ৰীয় হেঁচা পাকিস্তানৰ ওপৰত আছে সেই দৃষ্টিৰে চালে পাকিস্তানে প্ৰত্যাক্ৰমণেৰে উত্তৰ নিদিব৷ কিন্তু আক্ৰমণেৰে উত্তৰ নিদিব বুলি ভাবি সম্পূৰ্ণ খাৰিজ কৰিব পাৰি কিয়নো পাকিস্তানে এই আক্ৰমণ সাধাৰণ বুলি উত্থাপন কৰি আহিছে৷ পাকিস্তানে এয়াও কৈ আহিছে, পচন্দৰ সময় আৰু ঠাইত ইয়াৰ উত্তৰ দিয়া যাব৷

পাকিস্তানে উত্তৰটো দিবই কিন্তু ভাৰতৰ বিমানক বোমা নিক্ষেপ কৰাৰ পূৰ্বেই খেদি পঠোৱা বুলি দাবী কৰিছে৷ এনে কথাৰ দ্বাৰা মই ভাবো পাকিস্তানে আকাশমাৰ্গেৰে আক্ৰমণ নকৰিব৷ পাকিস্তানৰ সেনাই সীমান্তত নিয়ন্ত্ৰণ ৰেখাত পুনৰ নামিব আৰু নিয়ন্ত্ৰণ ৰেখাত বেমাবিস্ফোৰণ কৰিয়েই ক্ষান্ত থাকিব৷ যেতিয়া বিন লাডেনক মাৰিবৰ বাবে আমেৰিকাই কেইবাখনো হেলিকপ্তাৰেৰে পাকিস্তানৰ সীমাত সোমাই আক্ৰমণ চলাইছিল তেতিয়াও পাকিস্তানৰ বায়ুসেনাই কোনো অভিযান চলোৱা নাছিল৷ ইয়াৰ দ্বাৰা ক’ব পাৰি যি হৈছে সেয়া আমি আগতেই দেখিছো৷ মানুহে বুজি পায় কিন্তু ইয়াকে লৈ ভুল ভাবে৷ ভাৰতৰ ওচৰত বৃহৎ পৰম্পৰাগত সেনা আছে৷ বহুত ক্ষমতাও আছে৷ কিন্তু এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে যুদ্ধ ক’ত কৰি আছে৷ নিয়ন্ত্ৰণ ৰেখা নাইবা আন্তঃৰাষ্ট্ৰীয় সীমাত৷ সংখ্যাক লৈ আপোনাৰ ক্ষমতা বেলেগ হ’ব পাৰে৷ যেতিয়া এই সেনাক (ভাৰত-পাকিস্তানৰ সেনা) সীমাত মোতায়ন কৰা হয় তেতিয়া ক্ষমতা সমানেই হৈ পৰে৷ এক দীঘলিয়া যুদ্ধৰ বাবে সাজু কৰি ৰখা ভাৰতে নিজৰ সেনাক সম্পূৰ্ণ শক্তিশালী ৰূপত ব্যৱহাৰ কৰি বিভিন্ন ঠাইত মোতায়ন কৰি ৰখা সেনাক সীমালৈ লৈ আহিব পাৰে৷ এয়া মোৰ ধাৰণা৷ মই ভাবো বেছিভাগ আমেৰিকাৰ বিশেষজ্ঞই এই দৃষ্টিৰে চাই যে এখন সাধাৰণ যুদ্ধতো ভাৰত-পাকিস্তানৰ মাজত জয়ী হ’ব পৰা ক্ষমতা নাই৷ এয়া সেই সময়ত হ’বলৈ গৈ আছে যিটো সময়ত ভাৰতে সেনাক আধুনিকীকৰণ কৰিছে৷ ভাৰতৰ ওচৰত পৰম্পৰাগত সেনা আছে কিন্তু পাকিস্তানৰ চোৰাংচোৱা এজেন্সিয়ে সেনাৰ সঞ্চালনাৰ সম্ভেদ সহজতেই লয়৷ মই ভাবো সাধাৰণ যুদ্ধত ভাৰত নাইবা পাকিস্তানে নিৰ্ণায়ক বিজয়ী হ’ব নোৱাৰিব৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’লে সাধাৰণেই হ’ব কিয়নো আন্তঃৰাষ্ট্ৰীয় পৰিয়ালে পৰমাণু মজুত থকা এই দুয়ো দেশক দীৰ্ঘসময় যুদ্ধ কৰিবলৈ নিদিব৷ মই বাৰে বাৰে কৈ আহিছো এই আক্ৰমণৰ সৈতে ভাৰতত হ’বলগীয়া নিৰ্বাচনৰ সম্পৰ্ক আছে৷

ভাৰতত হোৱা যিকোনো আক্ৰমণৰ ব্যাখ্যা আপুনি নিৰ্বাচনৰ সৈতে কৰিব নোৱাৰে কিয়নো এনে আক্ৰমণ হৈয়ে থাকে৷ কিন্তু যেনেদৰে আক্ৰমণ পুলৱামাত হৈছে ইয়াৰ দ্বাৰা বুজিব পাৰি বিশেষ ভাবে বুজি লৈ এই আক্ৰমণ কৰা হৈছে৷ আক্ৰমণত সেনাক লক্ষ্য কৰি লোৱা হৈছে৷ এয়া বহুত উত্তেজিত কৰিব পৰা আক্ৰমণ৷ ইফালে যেতিয়াই ভাৰতত সেনা শ্বহীদ হয় জনতা উত্তেজিত হৈ পৰে৷ আমেৰিকাত কিন্তু ওলোটা৷ আমেৰিকাত যেতিয়া সাধৰাণ লোকৰ মৃত্যু হয় তেতিয়া জনতা উত্তেজিত হয়৷ কিন্তু ভাৰতত ওলোটা৷ সেনা নিহত হলে জনতা উত্তেজিত হয়৷ আক্ৰমণত চিআৰপিএফক লক্ষ্য কৰা হৈছিল৷ এই অৰ্ধসামৰিক বাহিনী ভাৰতত কম বাজেটৰ মাজৰ এটা৷ যি আক্ৰমণ হৈছে এয়া বীভৎস৷ জঈছ-ই-মহম্মদে ২০০০ চনত আত্মাঘাতী আক্ৰমণ কৰিছিল৷ ১৯ বছৰৰ পিছত পুনৰ আক্ৰমণ কৰিছে৷ ইয়াৰ দ্বাৰা মানুহক আৱেগিক কৰিব খোজা হৈছে৷ আক্ৰমণৰ সময় বহুত চিন্তা কৰি নিৰ্বাচন কৰা হৈছে৷ যাৰ ফলত বহুত প্ৰতিক্ৰিয়া দেখা গৈছে৷ ভাৰতৰ মানুহে এই কথা শুনিব নিবিচাৰিলেও ভাৰতৰ নিৰ্বাচনত মোডীৰ বিজয় সকলোতকৈ বেছি লাভ পাকিস্তানৰ গভীৰ ৰাজ্যসমূহত পৰিব৷ ইয়াৰ কাৰণ এয়ে যে পাকিস্তানত এই সময়ত বহু ঘৰুৱা হেঁচা আছে৷

সকলোতকৈ বেছি সমস্যা পষ্টুন আন্দোলনে পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি বৃহৎ বিপদ মাতিছে৷ বিপদে পাকিস্তানক সন্ত্ৰাসবাদীৰ সৈতে একত্ৰিত কৰে৷ যদি পাকিস্তানে দৃষ্টিৰে চোৱা যায় বিচ্ছিন্নতাবাদীৰ মৃত্যু হলেও ৰণনীতিত কোনো প্ৰভাৱ নপৰে৷ ইয়াৰ বাবে পাকিস্তানৰ গভীৰ ৰাজ্যসমূহৰ ৰণনীতি চালে পাকিস্তানৰ সৈতে মিলাই দিয়াৰ দৰেই হ’ব৷ পাকিস্তানৰ বাবে কংগ্ৰেছ জয়ী হৈ তেনে কৰিব নোৱাৰে৷ যেনেদৰে হিন্দু অন্ধ ৰাষ্ট্ৰবাদী ভাৰত আৰু তেনেদৰে মুছলমান এছিয়াতো আছে৷ ভয়ৰ পৰিবেশ গঢ়িব পাৰে বিজেপি জয়ী হলে৷ মই বাৰে বাৰে জোৰদি কৈছো আক্ৰমণৰ সময় আৰু পদ্ধতি নিৰ্বাচনত মোডীৰ জয় সুনিশ্চিত কৰিবলৈ কৰা বুলি দেখুৱায়৷ ইয়াৰ পূৰ্বে ভাৰতৰ নিৰ্বাচনত মোডীৰ জয় সুনিশ্চিত নাছিল কিন্তু পৰিবেশে মোডী জয়ী হোৱাটো নিশ্চিত হওক সেয়া বিচাৰে পাকিস্তানৰ চোৰাংচোৱাই৷ এখন মজবুত ভাৰত যাৰ দ্বাৰা পাকিস্তানে ভয় খায়৷ পাকিস্তানীৰ মাজত এনে অধিক ভ্ৰম প্ৰচাৰ কৰি পাকিস্তানীক তেওঁলোকৰ সেনাৰ পিছত থিয় হ’বলৈ বাধ্য কৰে৷ কিন্তু পাকিস্তানী সেনাই পষ্টুনীসকলক হত্যা কৰাৰ দৰে অ-লোকপ্ৰিয় কাম কৰে৷ ভাৰতৰ লোকে এই কথা ভাবে যে পাকিস্তানৰ গভীৰ ৰাজ্যই মোডীক জয়ী হোৱাত সহায় কৰিব৷ এই যুক্তিৰ অৰ্থ এয়াই নহয় যে এই আক্ৰমণৰ কোনো সম্পৰ্ক মোডীৰ সৈতে আছে৷ কিন্তু মোডী জয়ী হোৱাটো পাকিস্তানৰ সেনাৰ বাবে জৰুৰী কিয়নো ইয়াৰ দ্বাৰা পষ্টুন আৰু বলুচৰ অত্যাচাৰ লুকুৱাব পাৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.