চৰকাৰী অৱহেলাৰ বিপৰীতে নামতিৰ এখন গাঁৱৰ ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ

 05/01/2019 - 15:02

আমগুৰিঃ আজি মে দিৱস। মে দিৱসৰ দিনাই আমগুৰিৰ নামতিৰ এখন গাঁৱৰ যুৱকসকল ওলাই আহিল শ্ৰমদান কৰিবলৈ। চৰকাৰী অৱহেলাৰ বাবে ধ্বংসৰ দিশলৈ গতি কৰা শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ খেল পথাৰখন প্ৰতিষ্ঠা কালৰ পৰা অৱহেলিত অৱস্থাত আছে।

সেয়েহে আজি শ্ৰমিক দিৱসৰ দিনটোতে এনেদৰে দা কোৰ লৈ এই খেলপথাৰখন ৰজাবাৰী গাঁৱৰ ৰাইজ আৰু যুৱকসকলে আজি মেৰামতি কৰে। ৰজাবাৰী গাঁৱৰ ৰজাবাৰী উন্নয়ন সমিতিৰ উদ্যোগত মিছাজান প্ৰাথমিক গোট ছাত্ৰ সন্থাই খেল পথাৰখন উন্নীতকৰণৰ পূৰ্ণ সহযোগিতা আগবঢ়াই ক্ৰীড়া প্ৰতিভা বিকাশ কৰাত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.