ৰামজান মাহ উপলক্ষে বেজেৰা মণ্ডলত ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ফলমূল বিতৰণ

 05/06/2020 - 16:14

উত্তৰ গুৱাহাটী: বৰ্তমান সমগ্ৰ বিশ্বতে ক'ৰণা আতংকৰ সময়তেই এইবাৰ আৰম্ভ হয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। লগে লগে আৰম্ভ হয় ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা তেখেতসকলৰ ৰোজা ৰখা পৰ্বও। ৰোজাৰ শেষত সন্ধিয়া সময়ত ফলমূল খাই তেখেতসকলে ইফটাৰ কৰে। দেশৰ এনে সংকটৰ সময়ত সকলোৰে বাবে সমভাৱে ইফটাৰ কৰাৰ সুবিধা নহয় সেয়েহে ধনী-দুখীয়া ভেদাভেদ নেওচি সকলোৰে সুবিধাৰ্থে "মুছলিম ৰাষ্ট্ৰীয় মঞ্চ"ৰ ৰাজ্যিক সংযোজক খাইৰুল আহমেদৰ নেতৃত্বত বেজেৰা মণ্ডলত আৰ্থিক ভাৱে অভাৱগ্ৰস্ত ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ফলমূল বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী মহানগৰীৰ জিলা সভাপতি মৃগেন শৰণীয়া, সম্পাদক ৰমণী মোহন ডেকা, বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, বেজেৰা জিলা পৰিষদৰ সদস্য অনিল ৰাজ ডেকা, প্ৰাক্তন সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা, যুৱমৰ্চাৰ সভাপতি মাধৱ বৰা, মহিলা মৰ্চাৰ সম্পাদিকা মুন দাস, যুৱ মৰ্চাৰ সদস্য ৰঞ্জিত বৰা, আৰু আবজাল আলী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।