গুৱাহাটীৰ উগ্ৰতাৰাৰ চুৰি হোৱা বিগ্ৰহ উদ্ধাৰ

 05/01/2019 - 15:25

ডিজিটেল ডেক্স: নতুন বিগ্ৰহ স্থাপনৰ দিনাই উদ্ধাৰ গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰৰ পৰা চুৰি হোৱা মূল বিগ্ৰহ। আজি বিগ্ৰহটো নতুনকৈ প্ৰতিষ্ঠা  কৰাৰ কথা আছিল। চুৰি হোৱাৰ পাছত মন্দিৰৰ কৰ্তৃপক্ষই নতুনকৈ বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত লৈছিল।

৫ মাহ ১৬ দিনৰ পিছত গোলাঘাট আৰক্ষীয়ে নলবাৰীত অভিযান চলাই উদ্ধাৰ কৰে বিগ্ৰহটো। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত নলবাৰীৰ পৰা চুৰি হোৱা বিগ্ৰহ উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰে চাৰিজন কুখ্যাত চোৰক।

চোৰকেইজন ক্ৰমে ছান হুচেইন, আদিল আলী, ৰাহুল আলী আৰু মিণ্টু ৰয়।নিশাই চাৰিওকে গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ অনা হয়। উগ্ৰতাৰা মন্দিৰৰ মূল পূজাৰীয়ে গোলাঘাটত উপস্থিত হৈ বিগ্ৰহ চিনাক্ত কৰে। উল্লেখযোগ্য যে এপিএছছিৰ পাছত সুৰজিৎ সিং পানেশ্বৰৰ এইয়া আন এক বৃহৎ সফলতা।গোলাঘাট আৰক্ষীয়ে নলবাৰীৰ ধলাই গাঁৱৰ পৰা উদ্ধাৰ কৰে বিগ্ৰহটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।