গকুল পাঠকৰ স্বাস্থ্যৰ বুজ ললে উপায়ুক্তই: বৰপেটা সত্ৰৰ অধিকাৰৰো খবৰ ললে মুনীন্দ্ৰ শৰ্মাই

 05/06/2020 - 19:27

বৰপেটা: কলাগুৰু বিষ্ণু ৰাভা বঁটাৰে সন্মানিত তেওঁৰে একালৰ সতীৰ্থ বৰপেটা জিলাৰ স্বনামধন্য ব্যক্তি গকুল পাঠকৰ আজি কিছুদিনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পাই জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই তেওঁৰ বাসগৃহত উপস্থিত হৈ খা-খবৰ লয়। বৰ্তমান বৰপেটা চহৰৰ জেইলৰোডত থকা বৰ্ষীয়ান সাহিত্যিক, অভিনেতা তথা সাংবাদিক গৰাকীৰ নিজা বাসভৱনলৈ গৈ উপায়ুক্ত গৰাকীয়ে পাটৰ চেলেঙেৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰে।

৯৪ বছৰীয়া মহীৰূহ গৰাকী অলপতে ঘৰতে পিছলি পৰি আঘাত পোৱাৰ পিছৰ পৰাই শয্যাশায়ী হৈ আছে। পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত উপায়ুক্ত গৰাকীয়ে গকুল পাঠকৰ ইচ্ছা অনুযায়ী ভাতকুছী আতাৰ থানৰ উন্নয়ন সাধনৰ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পিছতে উপায়ুক্ত শৰ্মাই বৰপেটা সত্ৰৰ অধিকাৰ বশিষ্ঠদেব শৰ্মাক তেওঁৰ সুন্দৰীদিয়াৰ নিজ বাসভৱনত গৈ সাক্ষাৎ কৰি খা-খবৰ লয়।

উভয় স্থানতে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মায়ো তেওঁক সঙ্গ দিয়ে। এই সম্পৰ্কে প্ৰকাশ কৰি তেওঁ কয় যে এই লকডাউনৰ সময়চোৱাত আমাৰ সমাজৰ বয়োজ্যেষ্ঠ স্বনামধন্য ব্যক্তি সকলৰ খা-খবৰ ৰখাটো এটা আৱশ্যকীয় কৰ্তব্য হিচাপে গণ্য কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ ক্ৰমেই উপায়ুক্ত গৰাকীয়ে আজিৰ এই সামাজিক সাক্ষাৎ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

সত্ৰাধিকাৰ বশিষ্ঠদেব শৰ্মাই কয় যে লকডাউনৰ ফলত আৰম্ভণিৰ দুদিন মান অসুবিধা পাইছিল যদিও এতিয়া সকলো স্বাভাবিক যেন লগা হৈছে। দিনটো কিতাপ-পত্ৰ আৰু ঘৰুৱা বাহি-বনৰ মাজত নিজকে সুন্দৰকৈ ব্যস্ত ৰাখিছে। তেওঁ লকডাউনৰ নীতি-নিয়ম সমূহ ৰাইজক নিষ্ঠাৰে পালন কৰিবলৈ বিনম্ৰতাৰে আহ্বাজনাই কয় যে এয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থতে কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.