ক’ৰণাৰ সজাগতাৰ বাবে কাৰ্টুন সৃষ্টি কৰি দেশজুৰি সমাদৃত হৈছে এগৰাকী অসম সন্তান

 05/07/2020 - 13:00

খাৰিজা বিজনী: সুদীৰ্ঘ ২৩ বছৰ ধৰি কাৰ্টুনৰ জৰিয়তে সমাদৃত হোৱা বৰপেটা জিলাৰ সৰভোগৰ কাৰ্টুনিষ্ট গৰাকী হ'ল নিতুপৰ্ণ ৰাজবংশী লকডাউনৰ সময়ছোৱাত ক’ভিড-১৯ক লৈ চলা ভুৱা বাতৰিৰ বিৰুদ্ধে ৰাজবংশীয়ে আকৰ্ষণীয় বাক্যাংশ সন্নিৱিষ্ট কৰি আঁকি গৈছে ইখনৰ পিছত সিখন কাৰ্টুন ইতিমধ্যে ভাৰত চৰকাৰে প্ৰকাশ কৰা "ক'ভিড কথা" নামৰ গ্ৰন্থখনত তেওঁৰ ২৭ খন কাৰ্টুন সন্নিৱিষ্ট হোৱা বুলি জনপ্ৰিয় কাৰ্টুনিষ্ট গৰাকীয়ে জানিবলৈ দিয়ে 

 

এই "ক'ভিড কথা" নামৰ গ্ৰন্থখন উন্মোচন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষ ৱৰ্দ্ধনেজনসজাগতা সৃষ্টিৰ উদ্দেশ্যেই গ্ৰন্থখন প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰে বিশিষ্ট কাৰ্টুনিষ্ট গৰাকীয়ে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।