উত্তৰ গুৱাহাটীৰ যুৱ বৈজ্ঞানিক চম্পক বৰাৰ উদ্ভাৱন: হেণ্ড ফ্ৰী স্মাৰ্ট বেচিন

 05/07/2020 - 13:36

উত্তৰ গুৱাহাটী: সমগ্র বিশ্বত ক'ৰণা মহামাৰীয়ে কাল ৰূপ ধৰাৰ সময়তে ক'ৰণা মহামাৰীৰ সংক্ৰমণৰ পৰা বিশ্ববাসীক সকাহ দিবলৈ বৈজ্ঞানিক গৱেষকসকলে ন ন সামগ্ৰীৰ উদ্ভাৱন কৰিছে। এতিয়ালৈ আমি অফিচ কাছাৰীত হাত ধোৱাৰ বাবে বাল্টি আৰু হেণ্ডৱাছ ব্যৱহাৰ কৰা দেখা গৈছে। ইয়াৰ ফলত সংক্ৰমণ খুঁত ৰৈ গৈছিল। কিয়নো হাতেৰে চেনিটাইজাৰ, পানীৰ ম'গ বেচিনৰ নলা চুব লাগিছিল। এই ক্ষেত্ৰত উত্তৰ গুৱাহাটীৰ যুব বৈজ্ঞানিক উদ্ভাৱক চম্পক বৰাই হেণ্ড ফ্ৰী স্মাৰ্ট বেচিন উদ্ভাৱনেৰে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি।

এই  স্মাৰ্ট বেচিনত নহয় হাতৰ ব্যৱহাৰ। দুটা বুটাম আছে এটা নলাৰে পানী আৰু আনটোৰে চেনিটাইজাৰ ওলাই। সংক্ৰমণৰ আশংকা শূণ্য। সাধাৰণ বেচিনত এটা বিশেষ কৌশল ব্যৱহাৰ কৰি স্মাৰ্ট বেচিন নিৰ্মাণ কৰিছে। এই বেচিনটো বাদ দি বাকী সামগ্ৰীৰ খৰচ মাত্ৰ ৫০০ টকা বুলি চম্পক বৰা আৰু তেওঁ ভাতৃ ত্ৰৈলোক্য চন্দ্ৰ বৰাই জানিবলৈ দিছে।

তেখেতসকলে জানিব দিয়া মতে কণ কণ ছাত্র-ছাত্রীসকল তথা সাধাৰণ জনতাৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি এই হেণ্ডফ্ৰী বেচিন শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটী আৰু আমিনগাঁও ডিচি  অফিচত উপলদ্ধ কৰাৰ বাবে তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে। চম্পক উদ্ভাৱনত উৎফুল্লিত অঞ্চলবাসী। উত্তৰ গুৱাহাটীবাসী ৰাইজে আশা প্ৰকাশ কৰিছে এই উদ্ভাৱনে ক'ৰণা প্ৰতিহত কৰি দেশখন ক'ৰণামুক্ত কৰি তুলাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।

এই ছেগতে দুই ভাতৃদ্ধয়ৰ কৰ্মক শলাগ লৈছে। ইয়াৰ আগেয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চম্পক আৰু ত্ৰৈলোক্য চন্দ্ৰ বৰাই ন ন বৈজ্ঞানিক কৌশল উদ্ভাৱনৰে অসম তথা ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।