শুনানিত অংশ নল’লে ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰা মহিলাই

 05/01/2019 - 17:01

গুৱাহাটী: বিচাৰ প্ৰক্ৰিয়া বৰ্জন ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ তৰা মহিলাৰ। শুনানিত অংশ নল’লে মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গোচৰ উত্থাপন কৰা মহিলাগৰাকীয়ে।

উচ্চ ন্যায়ালৰ তিনিজন বিচাৰকৰ দ্বাৰা গঠিত তদন্ত কমিটীৰ তদন্তত অংশ নলয় মহিলাগৰাকীয়ে। এই তদন্ত প্ৰক্ৰিয়াৰ দ্বাৰা কোনো ন্যায় পোৱাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি এক প্ৰেছ বিজ্ঞপ্তি প্ৰদান কৰিছে সংবাদ মাধ্যমলৈ। মহিলাগৰাকীৰ দাবী দুয়োটা মবাইল নম্বৰৰ হোৱাটছএপ কল আৰু কথা বাৰ্তাৰ প্ৰতিলিপি মগাবলৈ তেওঁ অনুৰোধ কৰাৰ পিছতো ন্যায়াধীশে সেয়া নস্যাৎ কৰে।

ইয়াৰ উপৰিও মহিলাগৰাকীয়ে কয় যে যিসকল সাক্ষী আছে তেওঁলোক এতিয়া উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী। সেয়েহে তেওঁ নাভাবে তেওঁলোকে তেওঁৰ হৈ কিবা ক’ব এই বিষয়ত।

মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মহিলাগৰাকীয়ে অনা যৌন নিৰ্যাতনৰ অভিযোগ যোৱা ২০ এপ্ৰিলত ৰাজহুৱা হৈছিল। তেওঁ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ২২ গৰাকী ন্যায়াধীশলৈ প্ৰেৰন কৰা শপতনামা কেইটামান ৱেব পৰ্টেলত প্ৰকাশ হৈছিল। এই শপতনামাত মহিলাগৰাকীয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে দুটা উপলক্ষ্যত যৌন নিৰ্যাতন কৰাৰ অভিযোগ কৰিছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।