গুৱাহাটী: গুৱাহাটী মহানগৰীত হঠাৎ এটা বনৰীয়া হাতীৰ মুক্ত বিচৰণত হাহাকাৰ সৃষ্টি হোৱাৰ পিছত মহানগৰী সমীপৰ ৰাণীৰ চাতাৰ গাঁৱত এটা দঁতাল বন্যহস্তী দ খাৱৈত পৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীতো দ খাৱৈত পৰি মঙ্গলবাৰে নিশা আৱদ্ধ হৈ আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
বুধবাৰে স্থানীয় একাংশই প্ৰতক্ষ্য কৰে আঘাতপ্ৰাপ্ত হাতীটোক আৰু লগে লগে ৰাণী বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত ততাতৈয়াকৈ ৰাণীৰ ৰেঞ্জাৰ মনোৰঞ্জন বৰ্মনৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দল এটা উপস্থিত হৈ গুৰুতৰ ভাৱে মুখ আৰু ভৰিত আঘাতপ্ৰাপ্ত হাতীটোক স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰৰ চেষ্টা চলায়। প্ৰায় ৭ ঘণ্টাৰ অন্তত দ খাৱৈৰ পৰা হাতীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
অৱশ্যে উপযুক্ত সা-সুবিধা নথকা সত্ত্বেও ৰাণী বনবিভাগে হাতীটোক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰি কিছু পৰিমাণে বনৰীয়া হাতীটোক সকাহ দিবলৈ সক্ষম হয়।