গ্ৰেটাৰ লালগণেশ সাৰ্বজনী পূজা কমিটিৰ ক্ষুদ্র প্ৰয়াস: আৰ্তজনলৈ খাদ্য সামগ্ৰী বিতৰণ

 05/07/2020 - 18:49

উত্তৰ গুৱাহাটী: গ্ৰেটাৰ লালগণেশ সাৰ্বজনী পূজা সমিতি গুৱাহাটী অগ্ৰনী ধাৰ্মিক অনুষ্ঠান। এই সমিতিয়ে প্ৰতিষ্ঠা কালৰ পৰা শিক্ষা, চিকিৎসা বিভিন্ন সামাজিক সেৱা আগবঢ়াই আহিছে। বৰ্তমান দেশত ক'ৰণাৰ সন্ত্ৰাস। বহুলোকৰ জীৱন হানি হৈছে। চৰকাৰে সংক্ৰমণ ৰোধ কৰা বাবে লকডাউন দিছে। বৰ্তমানও লকডাউন চলি আছে। 

গ্ৰেটাৰ লালগণেশ সাৰ্বজনী পূজা সমিতিৰ সকলো মহিলা সদস্যৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ কলনী বজাৰ, বিষ্ণুপুৰ, ভূতনাথ আৰু শুক্লেশ্বৰ ঘাটত অন্ন সেৱা বিতৰণ কৰা হয় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।