লামডিং: বৰ্তমান সমগ্ৰ দেশত মহামাৰী ক'ৰণা আতংক। তাৰ লগতে ডক্টৰ, নাৰ্ছ, চাফাই কৰ্মী, প্ৰশাসন ক'ৰণাৰ বিৰুদ্ধে যুঁজ দিবলৈ দিনে ৰাতি কাম কৰিছে তাৰ লগতে লামডিং পৌৰসভাৰ কৰ্মচাৰীসকলে দিনে ৰাতি ক'ৰণাৰ বিৰুদ্ধে যুঁজ দি আছে। ৰাতিপুৱাই ৰাস্তা ঘাট নলা আদি পৰিষ্কাৰ কৰাৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰি দাম্পিং গ্ৰাউণ্ডত জমা কৰা হয় লগতে অগ্নি নিৰ্বাহ বাহিনীৰ সাহায্য লৈ লামডিঙৰ বিভিন্ন অঞ্চলৰ ১৩ টা ৱাৰ্ড ছেনিটাইজাৰ কৰা হয়। বজাৰ এলেকাত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ চৰকাৰী নিৰ্দেশ মৰ্মে প্ৰতিখন দোকানত নম্বৰ মাৰা হৈছে।
কিন্তু পৰিতাপৰ বিষয় যে দিনে ৰাতি কাম কৰা লামডিং পৌৰকৰ্মী সকলৰ ৭ মাহৰ দৰমহা অসম চৰকাৰে এতিয়াও দিব পৰা নাই। ফলত পৌৰকৰ্মী সকলৰ পৰিয়াল চলাবলৈ কষ্ট হৈছে। দুবেলা দুমুঠি অন্নৰ বাবে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।
কিন্তু তেওঁলোকে দিনে নিশাই কাম কৰি থাকিবলগীয়া হৈছে। য'ত অসম চৰকাৰৰ বিজেপি নেতাই ক'ৰণাৰ নামত হেলিকপ্টাৰ উৰাই কোটি কোটি শ্ৰাদ্ধ কৰিছে আনফালে দিনে ৰাতি কাম কৰা পৌৰ কৰ্মীক দৰ মাহৰ পৰা বঞ্চিত কৰিছে।
লামডিং পৌৰসভাৰ কৰ্মচাৰীসকল ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁ লোকৰ দৰমহা নোপোৱাৰ কাৰণে পৰিয়াল চলাবলৈ বহুতো কষ্টৰ সন্মূখীন হব লগা হৈছে অসম চৰকাৰ যাতে অতি সোনকালে তেওঁলোকৰ দৰমহাৰ ব্যৱস্থা গ্ৰহণ কৰে।