গোৱালপাৰাত অনুষ্ঠিত 'মহাজীৱন’ শীৰ্ষক সাহিত্যানুষ্ঠান

 05/01/2019 - 18:38

গোৱালপাৰাঃ গোৱালপাৰাৰ সামাজিক ব্যক্তি জগবন্ধু কলিতাই নিজ পুত্ৰ পলাশ কলিতাৰ জন্মদিনত প্ৰত্যেক বছৰেই ৰাজ্যৰ বিভিন্ন স্থানত সাহিত্য অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

এইবাৰো তেওঁ পুত্ৰৰ ওপজা দিনত 'মহাজীৱন’ শীৰ্ষক এক অনুষ্টুপীয়া সাহিত্যানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত "মহাজীৱন" আনুষ্ঠানিকভাৱে উন্মোচন কৰে ডঃ পৰিতোষ চক্ৰৱৰ্তী, ডঃ ভৱেশ দাস আৰু নৱকুমাৰ মিশ্ৰই।

গোৱালপাৰা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত জিলাখনৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।