ৰাষ্ট্ৰসংঘৰ ঘোষণা মতে লকডাউনে ভাৰতত বঢ়াব ২০ মিলিয়ন জনসংখ্যা: জন্মনিয়ন্ত্ৰকৰ অভাবতে বাঢ়িব জনসংখ্যা

 05/08/2020 - 14:39

উৎপল কুমাৰ কলিতা: লকডাউনৰ ফলত ঘৰতে আৱদ্ধ মানুহ। পোৱা নাই সাধাৰন জন্মনিয়ন্ত্ৰনৰ সুবিধাৰ সঁজুলি। ফলত নাকাংশিত গৰ্ভধাৰণৰ হাৰ বাঢ়িচে দ্ৰুত হাৰত। ৰাষ্ট্ৰ সংঘই আজি প্ৰকাশ কৰা সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অকল ভাৰততে লকডাউনৰ লত সৃষ্টি হোৱা অনাকাংক্ষিত গৰ্ভ ধাৰনৰ বাবে ২০ মিলিয়ন শিশুৰ জন্ম হব। ৰাষ্ট্ৰ সংঘই প্ৰকাশ কৰা মতে লকডাউনৰ সময়ৰ অনাকাংক্ষিত গৰ্ভধাৰণৰ বাবে সমগ্ৰ বিশ্বত ১১৬ মিলিয়ন নবজাতকে জন্ম লাভ কৰিব আৰু ইয়াৰ ২০ মিলিয়ন নবজাতকেৰে শীৰ্ষত থাকিব ভাৰত।

একেদৰে চীনত ১৩.৫ মিলিয়ন, নাইজেৰিয়াত ৬.৪ মিলিয়ন, পাকিস্তানত ৫ মিলিয়ন আৰু আৰু ইণ্ডোনেছিয়াত ৪ মিলিয়ন শিশুই জন্ম লাভ কৰিব। আনহাতে আমেৰিকাই ৩.৩ মিলিয়ন শিশুৰ জন্মৰে ষষ্ঠ স্হানত থাকিব। এই শিশু সকলৰ জন্ম হব ডিচেম্বৰ ২০২০ৰ ভিতৰত।

ৰাষ্ট্ৰ সংঘই বিশ্ব স্বাস্থ্য সংস্হাৰ এজেঞ্চিৰ সহযোগত প্ৰকাশিত এই প্ৰতিবেদনত উল্লেখ কৰা মতে সাধাৰণতে এই দেশবোৰৰ ৭০ শতাংশ দম্পতিয়ে জন্মনিয়ন্ত্ৰনৰ অস্হায়ী পদ্ধতি ব্যৱহাৰ কৰে। কিন্তু লক ডাউনত সকলো ঘৰতে আবদ্ধ থকা, চিকিৎসালয় বোৰত জন্ম নিয়ন্ত্ৰণ আহিলাৰ অভাব, জন্ম নিয়ন্ত্ৰণ আহিলা সংগ্ৰহ কৰিব নোৱাৰাৰ বাবেই অসুৰক্ষিত শাৰীৰিক সম্পৰ্ক বাঢ়ি যায় আৰু অবাঞ্চিত গৰ্ভধাৰন বাঢ়ি যায়।

নিশ্চিত ভাবে জনসংখ্যা বৃদ্ধিৰ হাৰতো লকডাউনে পেলালে প্ৰভাৱ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।