দীৰ্ঘেশ্বৰী দেৱালয়ৰ চৌহদ স্বচ্ছ কৰিলে টেম্পো চালকে

 05/01/2019 - 18:50

গুৱাহাটীঃ আজি মা দীৰ্ঘেশ্বৰী টেম্পো সন্থাৰ ৫০ জন সদস্যই শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত উপস্থিত থাকি মন্দিৰৰ চৌহদ স্বচ্ছ আৰু নিকা কৰি তোলে। যিহেতু এই জাগ্ৰত পীঠখনত অসমৰ অগণন ভক্তৰ সমাগম হয় সেয়েহে ইয়াৰে স্থানীয় টেম্পো চালক সকলে প্ৰতি বছৰৰ দৰে আজিৰ এই বিশেষ দিনটোত সকলো সদস্য একত্ৰিত হৈ চাফাই অভিযান আৰম্ভ কৰে।

বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি স্বচ্ছ ভাৰত অভিযান গোটেই ভাৰতবৰ্ষত চলি আছে আজি এই মহান কাৰ্যসূচীত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী মন্দিৰ পৰিচলনা সমিতিৰ কোনো এজন সদস্যই সহযোগ নকৰাত টেম্পো সন্থাৰ সমূহ সদস্য ক্ষোভিত হৈ পৰে। টেম্পো সন্থাৰ সদস্যসকলৰ মহৎ প্ৰচেষ্টাক ৰাইজে শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।