05/01/2019 - 19:26
in
শ্ৰীৰামপুৰঃ স্বামী আৰু দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ থকাৰ পাছতো এগৰাকী মহিলা পলাই গ’ল এজন যুৱকলৈ। ঘটনা অনুসৰি ধুবুৰী জিলাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত খানাবাৰীৰ ৰাজেন্দ্ৰৰ মালাৰ পত্নী লক্ষ্মী মালা(৩৫)কৰ্ণধৰ বৰ্মন নামৰ এজন যুৱকৰ প্ৰেমত পৰি সন্তানৰো মোহ এৰি যুৱকজনৰ সৈতে পলাই যায়।
যোৱা ১৭ এপ্ৰিল তাৰিখে পলাই যায় যদিও আজিলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই আৰক্ষী তথা পৰিয়ালৰ লোকে। জানিব পৰা মতে,এই দুটা পৰিয়ালৰ ঘৰ বগৰীবাৰীৰ খানাবাৰীৰ কিন্তু দুবছৰ ধৰি লক্ষ্মী মালাৰ পৰিয়ালটোৱে শ্ৰীৰামপুৰত বসবাস কৰি আছিল বুলি প্ৰকাশ।