উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত অনলাইন যোগে মাতৃ দিৱস উদযাপন

 05/10/2020 - 17:45

উত্তৰ গুৱাহাটী: আজি পবিত্ৰ মাতৃ দিৱস। বছৰৰ এই পবিত্ৰ দিনটোতে সমগ্ৰ বিশ্বই আই মাতৃ সকলৰ অকৃত্ৰিম মৰম স্নেহ আৰু ত্যাগক সহস্ৰ প্ৰণাম জনা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগত আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ মাতৃ গোটৰ উদ্যোগত মাতৃ দিৱস উদযাপন কৰা হয়।

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে লকডাউন আৰু কৰ'ণাৰ আতংকৰ মাজতে মাতৃ গোটৰ সম্পাদিকা গিতালি বৰা পাঠক উদ্যোগত অনলাইন যোগে 'জুম' আৰু 'ৱাটাছ আপ'ৰ যোগেদি এই মাতৃ দিৱস উদযাপন কৰা হয়।

ৰাগশ্ৰী সংগীত মহাবিদ্যালয় অধ্যক্ষা তথা প্ৰসিদ্ধ সংগীত শিল্পী পিংকুমনি চৌধুৰী আৰু শংকৰদেৱ শিশু নিকেতনৰ সংগীত আচাৰ্যা মনিকা মুদৈ, গীতিকা দত্তই মাতৃ দিৱস উপলক্ষে গীত মাতে জীপাল কৰি তোলাৰ লগতে ("পূজোঁ আহ আই মাতৃৰ চৰণ কমল" আৰু "আই তোক কিহেৰে পুজিমে")এই দুটা গীতেৰে অনুষ্ঠান সমাপন কৰে।

বৰ্তমান চৰকাৰে বান্ধি দিয়া লকডাউনৰ নীতি নিয়মৰ প্ৰতি লক্ষ্য ৰাখি মানুহৰ সমাগম নকৰি সকলোৰে সুৰক্ষাৰ বাবে অনলাইন যোগে অনুষ্ঠানটো চলাই নিয়া হয়। উক্ত অনুষ্ঠানটো নিকেতন পৰিচালনা সমিতিৰ সদস্য কুলেন বড়োৰ দ্বাৰা অনলাইন সম্প্ৰচাৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।