ধুবুৰী জিলাৰ কচুৱাৰখাচ ২য় খণ্ডৰ ২০০ নং অঙ্গনাৱাড়ী কেন্দ্ৰত সাহায্যৰ নামত দুৰ্নীতিৰ অভিযোগ

 05/11/2020 - 17:39

ধুবুৰী: বৰ্তমানে দেশজুৰি লকডাউনৰ ফলত দৰিদ্ৰ নিচলা সকলে পৰিছে তীব্ৰ খাদ্য সংকটত। এনে সময়তে গৌৰীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধিনত থকা ধুবুৰী জিলাৰ কচুৱাৰখাচ ২য় খণ্ডৰ ২০০ নং অঙ্গনাৱাড়ী (দক্ষিন ভাটা গাঁও) কেন্দ্ৰত সাহায্যৰ নামত উক্ত কেন্দ্ৰটোৰ কৰ্মী হাছিনা বিবিৰ বিৰুদ্ধে উত্থাপিত হৈছে কেতবোৰ ভয়ানক দুৰ্নীতিৰ কথা। এই সংক্ৰান্তত স্থানীয় ৰাইজে কেন্দ্ৰটোত উপস্থিত হৈ এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰাপ্ত অভিযোগ অনুসৰি চৰকাৰী নিয়মানু্যায়ী যি হাৰত চাউল, মটৰ বিতৰণ কৰিব লাগিছিল সেই অনুপাতে বিতৰণ নকৰি ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে। আনকি কেন্দ্ৰটোৰ কৰ্মীৰ গিৰিয়েক তছেৰ আলীয়ে জনায় যে আমি ২৫০ জনক ৫ কেজিকৈ চাউল আৰু ১ কেজি মটৰ দিয়া হৈছে বুলি ৰাইজক অৱগত কৰে। সেই হিচাপত অংক একো মিলা নাই। গতিকে কৰ্মী হাছিনা বিবিয়ে যে দুৰ্নীতিৰ কৰিছে সেয়া সত্য প্ৰমানিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। 

উল্লেখ্য যে এই সংক্ৰান্তত আমাৰ সাংবাদিকে কৰ্মীৰ ঘৰত উপস্থিত হৈ মন্তব্য লোৱাৰ বাবে মাত মাতিছিল যদিও সিহতে একো কান সাৰ নিদিয়াকৈ মন্তব্যৰ পৰা বিৰত থাকিল। এতিয়া প্ৰশ্ন হয় কৰ্মী গৰাকীয়ে কিমান দুৰ্নীতি কৰিলে সেয়া বিভাগীয় কৰ্তৃপক্ষ তথা অসমৰ শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ২৪ ঘন্টাৰ ভিতৰত উচিৎ তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে স্থানীয় ৰাইজে বিনম্ৰ অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.