এইবাৰ টাৰ্গেট মাছুদ আজাহাৰ

 02/27/2019 - 18:57

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনা বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি জেইচ-ঈ-মহম্মদৰ ওপৰত মঙলবাৰে চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকত সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য ইউচুফ আজাহাৰ পাকিস্তানী প্ৰশিক্ষণ শিবিৰত নিহত হোৱাৰ সন্দেহ কৰা হৈছে। এই শিবিৰতেই ৰচনা কৰা হৈছিল পুলৱামাৰ ব্লু-প্ৰিন্ট। ১৯৯৯ চনৰ কান্দাহাৰ বিমান অপহৰণ কাণ্ডৰো মাষ্টাৰ মাইণ্ড আছিল ইউচুফ।

ইউচুফ নিহত হোৱাৰ পিছত এতিয়া ভাৰতৰ টাৰ্গেট হ'ল মাছুদ আজাহাৰ। মাছুদৰ নেতৃত্বতেই পাকিস্তানত বিয়পি পৰিছে সন্ত্ৰাসবাদ। এওঁৰ নিৰ্দেশতেই সংঘটিত হৈছিল পুলৱামা আক্ৰমণ। তিনি দশক জুৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নেতৃত্ব দি অহা মাছুদে আশ্ৰয় লৈ আছে পাকিস্তানী সেনাৰ হস্পিতালত। কিন্তু মঙলবাৰৰ চাৰ্জিকেল ষ্টাইকৰ পিছত মাছুদক স্থানান্তৰ কৰা হৈছে পাকিস্তানী সৈন্য শিবিৰলৈ। কিন্তু কিমান দিন পলুৱাই ৰাখিব পাকিস্তানী ম’ষ্ট ৱান্টেড মাছুদ আজাহাৰক। সাৰি যাব পাৰিবনে ভাৰতীয় সেনাৰ তীক্ষ্ণ দৃষ্টিৰ পৰা ?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.