চৰকাৰৰ কেতিয়া চকু পৰিব স্বৰ্ণ কন্যা চান্দনীৰ ওপৰত

 05/02/2019 - 15:12

ওৰাংঃ যুৱতী,মহিলাসকলে নিৰাপত্তাহীনতাত ভোগা সময়ত মাজবাটৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই আঁজুৰি আনিলে স্বৰ্ণ পদক। উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বীপত স্বৰ্ণ পদক অৰ্জন কৰা চান্দিনী খাতুন বুধবাৰে উপস্থিত হল মাজবাটত।

প্ৰতিভাৱান খেলুৱৈ চান্দিনী খাতুনে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলাৰ পাছত এই বাৰ উজ্বলিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বীপত স্বৰ্ণ পদক অৰ্জন কৰা অসম সন্তান চান্দিনী খাতুনক মাজবাটত উষ্ম আদৰণি। উত্তৰ প্ৰদেশৰ সাহাৰণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বীপত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ পদক আঁজুৰি অনা চান্দিনী খাতুন বুধবাৰে উপস্থিত হয় মাজবাটত। মাজবাটবাসী ৰাইজৰ লগতে দল সংগঠনে আদৰণি জনায় চান্দিনী খাতুনক। উৎসৱমুখৰ পৰিৱেশেৰে মুৰখিত হৈ পৰে মাজবাট চহৰ।

ইয়াৰ পূৰ্বেও চান্দিনী খাতুনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেনচক চিলেট প্ৰতিযোগিতাত আঠটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰিও এলাগী হৈ ৰৈছিল চৰকাৰী সুবিধাৰ পৰা। কিন্তু উৰুখা পঁজাৰ পৰাই বিশ্ব জয় কৰাৰ সপোন দেখিছিল স্বৰ্ণ কন্যা চান্দিনী খাতুনে। গাড়ীৰ চকাৰ টিউবত বালি ভৰাই অনুশীলন কৰি চান্দিনী খাতুনে আঁজুৰি আনিলে স্বৰ্ণ পদক। চান্দিনীৰ মাতৃয়ে ঘৰে ঘৰে খাৰু বিক্ৰি কৰি যি পইছা উপাৰ্জন কৰে চান্দিনীৰ খেলাৰ বাবে খৰচ কৰিছিল।চান্দিনীৰ দেউতাকৰ সমৰ্থ নাছিল চান্দিনীক আগবঢ়াই নিবলৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতো চান্দিনীৰ খবৰ লবলৈ আহৰি নোপোৱা জন প্ৰতিনিধি আৰু চৰকাৰী বিষয়া আমোলাৰ ওপৰত প্ৰচণ্ড খং এতিয়া দল সংগঠনৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।