ওদালগুৰিত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ

 05/02/2019 - 16:36

হৰিশিঙাঃ আজি ৰাতিপুৱা প্ৰায় ২.৩০ বজাত বনৰীয়া হাতীৰ এটি জাকে গৰুৱাঝাৰ, ওৰাংগাজুলি চাহ বাগিচাত তাণ্ডৱ চলাই বহু বাসস্থান খেতি বাতি ধ্বংস কৰে। ঘটনাৰ বিৱৰণী মতে গৰুৱাঝাৰস্থিত চাহ মজদুৰ সমবায় সমিতিৰ কাৰ্যলয়ত বন্যহস্তীৰ জাকটোৱে পকী বেৰ ভাঙি প্ৰৱেশ কৰি কাৰ্যলয়টি প্ৰায় অংশ ধ্বংস কৰাৰ লগতে গাওঁখনৰে কেইবাটাও ঘৰৰ ক্ষতি সাধন কৰে আৰু বহুতো গছ, খেতি-বাতি আদি বিনষ্ট কৰে।

আনহাতে ওৰংগাজুলি চাহ বাগিছাতো ৰাতিপুৱা ৫ মান বজাত বনৰীয়া হাতী প্ৰৱেশ কৰি বাগিছাৰ মানুহৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলাত হাতী মানুহৰ সংঘাতৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাৱ লগীয়া হৈছে। এই ক্ষেত্ৰত বনবিভাগ আৰু অসম চৰকাৰ, বিটিচি চৰকাৰে চকু মুদা কুলিৰ ভাৱত থকা দেখা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।