সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত হাউলীত অৱস্থান ধৰ্মঘট পালন

 05/02/2019 - 17:43

হাউলীঃ অসমৰ বিভিন্ন ঠাইত সাংবাদিক আক্ৰমণ হোৱা ঘটনাৰ প্ৰতিবাদত সদৌ অসম সাংবাদিক সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাৰ পৰা হাউলী চাৰিআলি চ'কত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জিলাখনৰ বিভিন্ন ঠাইত সাংবাদিক সকলৰ লগতে বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, বৰপেটা জিলা সমিতিৰ উপ সভাপতি আবু তাহেৰ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথ, সাংবাদিক পেঞ্চনাৰ ৰত্নেশ্বৰ তালুকদাৰ, সংখ্যালঘূ সংগ্ৰাম সমিতিৰ হাউলী আঞ্চলিক সমিতিৰ সভাপতি মনিৰুল হ'ক,ছেকুলাৰ টিভিৰ সঞ্চালক মনিৰুজ জামান,বৰপেটা জিলাৰ ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস,ভৱানীপুৰ ব্লক গ্ৰামোন্নয়ন সমিতিৰ সভাপতি শ্বফিউৰ ৰহমান ,হাউলী পৌৰ সভাৰ উপ সভাপতি বিমল কৰ্মকাৰ ,জিলা আমছুৰ সম্পাদক আফজালুৰ ৰহমান আদি উপস্থিত থাকে।  

দৈনিক অসম কাকতৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা,তিনিচুকীয়াৰ নিউজ১৮ অসম নৰ্থ ইষ্টৰ সংবাদ দাতা উপাসনা বৰুৱা গোস্বামী, প্ৰতিদিন টাইমৰ ফটো সাংবাদিক ৰাজেশ সিং আৰু ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মাক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিহলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।  ইয়াৰ পিছত দিনৰ ১ বজাত জিলা উপায়ুক্তৰ প্ৰতিনিধি তথা বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পল্লৱী গগৈৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলাম,কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস আৰু সম্পাদক নিতুমনি দাসৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।