চেঙা আঞ্চলিক ৰঙালী বিহুৰ সফল সামৰণি

 05/02/2019 - 18:35

চেঙাঃ চেঙা আঞ্চলিক ৰঙালী বিহুৰ সফল সামৰণি। বৰপেটা জিলাৰ লগতে বহু দূৰ-দূৰণিৰ পৰা অহা বিহু হুঁচৰি দলে মুকলি বিহু প্ৰদৰ্শনত অংশ গ্ৰহণ কৰি সমূহ দৰ্শকক বিহু প্ৰদৰ্শনেৰে মোহিত কৰে।

চেঙা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মূল প্ৰৱেশদ্বাৰ মূকলি কৰে ৰং চেনেলৰ বৰ্তমানৰ ধাৰাবাহিক বৰলা কাই ছিৰিয়েলৰ কেৰপা দা চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাগৰাকীয়ে। ইয়াৰ লগতে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থকা কন্ঠশিল্পী হিয়া মেধীয়ে বিভিন্ন ন-পুৰণি গীতেৰে চেঙাবাসীক আপ্লুত কৰি তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।