দুৰ্নীতিৰ বিৰুদ্ধে শ্যামপুৰ পঞ্চায়তৰ পদক্ষেপ

 05/02/2019 - 19:17

দৰংঃ দৰং জিলাৰ অন্তৰ্গত শ্যামপুৰ গাঁও পঞ্চায়তত চলিছে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কাম। গাওঁ পঞ্চায়তখনৰ অন্তৰ্গত শ্যামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ বাবে অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ২০১৬-১৭ বৰ্ষৰ (১ম কিস্তি)চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত আবন্টন দিয়া ৯ লাখ ২৫ হাজাৰ টকীয়া আঁচনিখনৰ শুভাৰম্ভ কৰিছিল স্থানীয় বিধায়ক ইলিয়াচ আলিয়ে ।

আঁচনিখন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গঠন কৰা হৈছিল এখন নিৰ্মাণ কমিটি। কমিটিখনৰ সভাপতিয়ে লোকসভা নিৰ্বাচনৰ কামত কণিষ্ঠ অভিযন্তা আৰু পঞ্চায়তৰ সচিব গৰাকী ব্যস্ত থকাৰ সুযোগত প্ৰাককলন উলংঘা কৰি অতি নিম্নমানৰ সা-সামগ্ৰীৰে চাৰিসীমাৰ ৱাল নিৰ্মাণৰ কাম বহুখিনি সম্পন্ন কৰে যদিও কণিষ্ঠ অভিযন্তা আৰু সচিবগৰাকীয়ে উক্ত নিম্নমানৰ ৫০ মিটাৰ ৱাল ভাঙি প্ৰাককলন মতে পুনৰ পকী বেৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। নিৰ্দেশ মতে নিৰ্মাণ কমিটিৰ সভাপতি আৰু কামত নিয়োজিত মিস্ত্ৰীয়ে নতুনকৈ আৰম্ভ কৰে পকী বেৰ নিৰ্মাণৰ কাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।