শ্ৰীৰামপুৰত ট্ৰেন্সফৰমাৰ,বিদ্যুতৰ তাঁৰ লৈ চিন্তিত সচেতন মহলঃ যিকোনো সময়তে ঘটিব পাৰে অঘটন

 05/02/2019 - 19:21

শ্ৰীৰামপুৰঃ অসম শক্তি বিতৰন কোম্পানীৰ নামনি অসম পৰিসীমিত গোসাইগাঁও বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত গুৰুত্বহীন অৱস্থাত থকা ট্ৰেন্সফৰমাৰ লগতে বিদ্যুতৰ তাঁৰ জুৰা-তালি সেৱাই সচেতন মহলক চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে।

শ্ৰীৰামপুৰ বজাৰৰ ব্যস্ত জনপথ সংলগ্নৰে উন্মুক্ত ভাৱে উক্ত ট্ৰেন্সফৰমাৰ বিদ্যুতৰ তাঁৰ যিকোনো সময়তে ছিঙি পৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পথচাৰী সকলে দূৰ্ঘটনাত পৰাৰ সম্ভৱনাই প্ৰৱল হৈ পৰিছে বুলি একাংশই ধাৰণা কৰিছে।সেয়ে বিভাগীয় কৰ্তৃপক্ষ লৈ উক্ত ট্ৰেন্সফৰমাৰ আৰু বিদ্যুতৰ তাঁৰৰ প্ৰতি গুৰুত্ব দি স্কুল- কলেজৰ ছাত্ৰ-ছাত্ৰী আনকি সাধাৰণ পথচাৰীয়ে সুৰক্ষা পাবলৈ শ্ৰীৰামপুৰ অঞ্চলসাসীয়ে বিশেষভাৱে আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।