চেন্নাইত আৰম্ভ অসমীয়া শ্ৰমিকৰ বিদ্ৰোহ: আৰক্ষীৰ কোবত আহত ঘৰমুখী অসমীয়া

 05/16/2020 - 13:07

উৎপল কুমাৰ কলিতা: ক্ৰমা অস্হিৰ হৈ পৰিছে চেন্নাইৰ অসম ভবনৰ পৰিবেশ। তিনিদিন তিনিটা ৰাতি মুকলি আকাশৰ তলত আশ্ৰয়হীন অসমীয়া। জীয়াই থকাৰ সপোন লৈ চেন্নাইলৈ যোৱা হাজাৰ হাজাৰ অসমীয়া আজি সংকটত। অসমত চৰকাৰে কৈ আছে আৱদ্ধ শ্ৰমিক সকলক ঘৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু প্ৰকৃত সত্য অন্য। ইতিমধ্যে বন্ধ কৰা হৈছে ৰে'লৰ অনলাইন টিক। বিপৰীতে চেন্নাইত অসম ভৱনত দিয়া হৈছে তিনিশ জনক দৈনিক ৰে'লৰ পাচ টিক

কিন্তু চেন্নাইত থকা শ্ৰমিকৰ মতে তামিলনাডুৰ বিভিন্ন প্ৰান্তত প্ৰায় ১০হাজাৰ অসমীয়া কৰ্মৰত আছিল। ইয়াৰে বহুতৰে কৰ্মৰত কোম্পানী বন্ধ হৈ পৰিছে। মেছ হোষ্টেলো খালী কৰিব লগা হৈছে। বহুতে বাধ্য হৈ মেচ, হোষ্টেল, ভাড়া ঘৰ এৰি দিছে। এনে অৱস্হাত কমেও ছয় হাজাৰ বৰ্তমান আশ্ৰয়হীন হৈ মুকলি আকাশৰ তলত পৰি ৰৈছে। যাৰ বাবে ক'ৰণাৰ ভয় পাহৰি সামাজিক দূৰত্ব শূণ্য কৰি হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে পাছ বিচাৰি অসম ভৱনত।

কিন্তু মাত্ৰ তিনিশ লোকক প্ৰতিদিনে পাছ দিয়াত পৰিবেশ হৈ পৰিছে উত্তপ্ত। নিশা পৰ্যন্ত হাজাৰ হাজাৰ ঘৰলৈ আহিব বিচৰা অসমীয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল কৰি তোলে অসম ভৱন। আনকি পৰিবেশ নিয়ন্ত্ৰণৰ বাবে আৰক্ষী লাঠী চালনা কৰাত আহত হয় কেবাজনো। যাৰবাবে অধিক ক্ষোভৰ জুই জলিছে। 

তিয়া প্ৰশ্ন হৈছে কিমান দিনলৈ ভোকে পিয়াহে চেন্নাইত পৰি ৰ'ব এওঁলোক। কিমান আৰু যন্ত্ৰণা ভোগ কৰিব লাগিব। অসম চৰকাৰে কিয় বিষয়টোত গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰ, তামিলনাডু চৰকাৰ আৰু ৰে'ল বিভাগৰ সৈতে আলোচনা কৰি সমাধানৰ প্ৰয়াস কৰা নাই। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।